সত্যতা নিৰূপণ: ভিডিও এটা মিছা তথ্যৰে হামাছৰ মুৰব্বীৰ হত্যা কৰা স্থান বুলি প্ৰচাৰ কৰা হৈছে

0 25

ইজৰাইলৰ ৰাজধানী তেহৰানত হামাছৰ মুৰব্বী ইছমাইল হানিয়েক হত্যা কৰাৰ পৰবৰ্তী সময়ত এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে ভিডিওত দেখা স্থানতেই ইছমাইল হানিয়েক হত্যা কৰা স্থান বুলি দাবী কৰিছে।

এজন ফেছবুক ব্যবহাৰকাৰীয়ে ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছে: ⚡️ আজি পুৱা ইছমাইল হানিয়েক হত্যা কৰা স্থানৰ পৰা 💔💔😭


পোষ্টটো ইয়াত (আৰ্কাইভ)ত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভিডিও কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইল ৰ দলে একেটা ভিডিও ২০২৪ৰ ২ এপ্ৰিলত  Xত প্ৰচাৰ কৰা দেখিলে। তাৰ কেপচনত আছে: ছিৰিয়াৰ ইৰাণৰ দূতাবাসত ইজৰাইলৰ বায়ু সেনাৰ আক্ৰমণ।

 

আমি ফ্ৰান্স ২৪ত প্ৰচাৰিচ আন বাতৰিত ঘটনাস্থলীৰ আন একেখন ফটোকেই দেখা গৈছে। ২০২৪ ২ এপ্ৰিলত প্ৰচাৰিত বাতৰিটোৰ শিৰোনামত আছে: “ছিৰিয়াত ইৰাণৰ দূতাবাসত বায়ু সেনাৰ আক্ৰমণ, অন্ধকাৰময় স্মৃতি বিজৰিত স্থান।

 বাচৰিটোত উল্লেখ কৰা অনুসৰি ডামাস্কাছৰ ইৰাণৰ দূতাবাসত সংঘটিত এই আক্ৰমণত দুজন জেনেৰেল, পাচজন ইৰাণ ৰিভলিউছনাৰী গাৰ্ডসহ মুঠ ১৩জন লোক নিহত হৈছিল। 

ইয়েই স্পষ্ট কৰে, হামাছৰ মুৰব্বীক হত্যা কৰা স্থান বুলি দাবী কৰা ভাইৰেল পোষ্টটো অসত্য।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছেতেন্তে  +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক