সত্যতা নিৰূপণ: ভাৰতীয় সেনা জোৱান এজনে প্ৰখৰ ৰ’দত বহি ভাত খাই থকা ফটোখন AI-ৰ দ্ৱাৰা সম্পাদিত

0 1,479

বালিময় অঞ্চল এটাত প্ৰখৰ ৰ’দত বহি ভাৰতীয় সেনাৰ জোৱান এজনে ভাত খাই থকা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফটোখন প্ৰখৰ ৰ’দ আৰু অসহ্য গৰমৰ বাবে জনাজাত ৰাজস্থানৰ বাৰমেৰৰ বুলি দাৱী কৰা হৈছে।  

ফটোখনৰ কেপচনত লিখিছে: বৰমেৰৰ ৪৮ ডিগ্ৰী ছেলচিয়াছৰ প্ৰখৰ গৰমত সীমান্ত অঞ্চলত সেনা জোবানে ভাত খাইছে। লাইক কৰিব।

ওপৰৰ পোষ্টটো ইয়াত চাব পাৰিব। একে ধৰণৰ অধিক পোষ্ট   ইয়াত  আৰু  ইয়াত চাব পাৰিব। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো AIৰ দ্ৱাৰা সম্পাদিত বুলি প্ৰমাণিত হয়

প্ৰথম দেখাত ফটোখন সচা যেন লাগে, কিন্তু সুক্ষ্ম ভাবে নিৰিক্ষণ কৰি আমি ফটোখনত কেইবাটাও  বিসংগতি দেখা পালো।  উদাহৰণ স্বৰূপে সমবেশৰ ক্ষেত্ৰত কান্ধৰ ‘পেটছ’ বেঁকা হৈ থকা আৰু ভাৰতীয় পতাকাৰ ৰং মিলোৱা দেখা গ’ল।

 

এই তথ্য সমূহলৈ লক্ষ্য কৰিয়েই  AI-detection প্ৰক্ৰিয়া Hive and AI ৰ সহায়ত পৰীক্ষা কৰি চোৱাত ফটোখন AI ৰ দ্বাৰা সম্পাদিত বুলি প্ৰমাণ হয়।

ওপৰৰ তথ্যই প্ৰমাণ কৰে, ফটোখন সচা নহয়, AI ৰ দ্বাৰা সম্পাদিত।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel