ভাৰতীয় ষ্টাৰ্ট আপ প্ৰতিষ্ঠান এটাই বাইকাৰৰ সুৰক্ষাৰ বাবে এয়াৰবেগ প্ৰযুক্তি সংলগ্ন কৰা প্ৰযুক্তি প্ৰদৰ্শন কৰা বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈচে।
ফেচবুকত প্ৰচাৰিত ভিডিওৰ কেপচনত আছে: “ভাৰতীয় ষ্টাৰ্টআপ প্ৰতিষ্ঠানে উদ্ভাবন কৰি উলিওৱা মটৰ চাইকেল দুৰ্ঘটনাৰ পৰা সুৰক্ষা পাব পৰা এবিধ বিশেষ উদ্ভাবনৰ প্ৰদৰ্শন। এই প্ৰতিষ্ঠানটোৱে এতিয়া সমগ্ৰ বিস্বক তেওঁলোকৰ উদ্ভাবনৰ প্ৰযুক্তি যোগান ধৰিছে।”
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমেৰিকাৰ ছেল ফ্ৰান্সিস্কোৰ এটা ষ্টাৰ্টআপ ৱেহছাইট ফৰ্টেওন ত ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীত আপলোড কৰা ভাইৰেল ভিডিওটো দেখা পালো। ভিডিওটোত মটৰ চাইকেল আৰোহীৰ সুৰক্ষাৰ বাবে এয়াৰবেগ সংলগ্ন কৰাৰ এবিধ বিশেষ সজুলি দেখুওৱা হৈছে। পেটেণ্ড লাভ কা ই মটৰ চাইকেল এয়াৰবেগে মটৰ চাইকেল চালকসকলক দুৰ্ঘটনাত পতিত হলে সুৰক্ষা প্ৰদান কৰিব। এয়া আছিল এনে সজুলি নিৰ্মাণ কৰাৰ বাবে পূঁজি সংগ্ৰহ কৰাৰ অভিযান। এই অভিযান ২০১৯ত আৰম্ভ কৰা হৈছিল।
ফৰ্টেওনত আমেৰিকাৰ ইণ্ডিগোগো (Indiegogo) নামৰ প্ৰতিষ্ঠান এটাৰ বাবে এই সজুলিবিধৰ নমুনা প্ৰচাৰ কৰিছিল। ভিডিওটোত উল্লেখ কৰা হৈছিল যে এই মডেলটো সামাজিক মাধ্যমত জনপ্ৰিয় হৈছিল। ফৰ্টেওনে এই সজুলি বিধ নিৰ্মাণৰ বাবে পূঁজি বিচাৰি আছিল।
অধিক অনুসন্ধান কৰাত আমি এটা ইউটিউব চেনেলত ২০১৯ৰ ১৩ ফেব্ৰুৱাৰীত প্ৰচাৰ কৰা ভিডিও লাভ কৰিলো। ভিডিওটোৰ সৈতে লিখা আছিল- “ফৰ্টেওন- বাইকৰ বাবে এয়াৰবেগ- ২০১৯ প্ৰচাৰ।”
ইয়াৰোপৰি আমি মূল শব্দৰ দ্বাৰা অনুসন্ধান কৰি চালো কিন্তু ভাৰতীয় ষ্টাৰ্টআপ প্ৰতিষ্ঠানে যান বাহনৰ উন্নত প্ৰযুক্তিৰ প্ৰদৰ্শনৰ কোনো বাতৰি লাভ ৱকৰিলো।
এই তথ্যই স্পষ্ট কৰে ভিডিওটোত ভাৰতীয় ষ্টাৰ্টআপ প্ৰতিষ্ঠানে যান বাহনৰ উন্নত প্ৰযুক্তিৰ প্ৰদৰ্শন হোৱা নাই।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।