সত্যতা নিৰূপণ: ভাইৰেল ফটোখনত ভুৱাকৈ দাবী কৰা হৈছে যে উত্তৰ প্ৰজেশৰ প্ৰাক্তন মন্ত্ৰীয়ে ৰাষ্ট্ৰপতি মূৰমহক সাক্ষাত্ কৰিছে

0 95

দ্ৰৌপদী মূৰ্মুৱে ২০২২ৰ ২৫ জুলাইত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ভাৰতৰ সাংবাধানিক মৰ্যদা অনুসৰি জেশৰ শীৰ্ষতম স্থানত উপনীত হোৱা তেওঁ প্ৰথমগৰাকী জনজাতীয় মহিলা।

২০২২ৰ ২১ জুনত উত্তৰ প্ৰদেশৰ জলসম্পদ মন্ত্ৰী দীনেশ খাটিকে গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰেৰণ কৰা এখন পদত্যাগ পত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি তেওঁ দলিত সম্প্ৰদায়ৰ হোৱা বাবেই জলসম্পদ বিভাগৰ বিষয়াসকলে তেওঁক দুৰ্বযৱহাৰ কৰে।

এনে সময়তে এজন লোকৰ সৈতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ এখন ফটো সামাজিক মাধ্য়মত ভাইৰেল হৈছে, তাত দাবী কৰা হৈছে যে ফটোখনৰ লোকজন দীনেশ খাটিক, তেওঁ ৰাষ্ট্ৰপতিৰ হাতত পদত্যাগ পত্ৰ অৰ্পন কৰিছে।

ফটোখনৰ কেপচনত আছে:  “মই দলিত হোৱা বাবেই কেবিনেটত মোক এলাগী কৰি ৰখা হয়। মন্ত্ৰী হিচাপে মোৰ কোনো গুৰুত্ব নাই। এতিয়ালৈ মই কোনো কেবিনেট সভাত অংশ লোৱা নাই। কোনেও মোক মোৰ বিভাগ সন্পৰ্কে একো নুশোধে। এনেদৰেই দলিত সম্প্ৰদায়ৰ বিৰুদ্ধে চলে শোষণ…!”

উল্লেখিত পোষ্টৰ লিংক ইয়াত.পাব। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি ভাইৰেল ফটোখন দীনেশ খাটিকৰ ফটোৰ সৈতে মিলাই চালো, দুয়োখন ফটোৰ মাজত কোনো ধৰণৰ সাদৃস্য নাপালো। 

একেখন ফটোকেই  প্ৰগতিবাদী ত ২০২২ৰ ২২ জুলাইত প্ৰচাৰ হোৱা দেখিলো। তাৰ শিৰোনামত আছে- ওড়িশাৰ পদ্ম বঁটা প্ৰাপকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মহক অভিনন্দন জনাইছে।

 কলিংগ টিভি ত ২০২২ৰ ২২ জুলাইত প্ৰচাৰিত বাতৰি অনুসৰি পদ্ম বঁটা প্ৰাপক তথা জনজাতীয়সকলৰ নেতৃত্ব দিয়া লোকসকলৰ এটা দলে শেহতীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত ১৫ সমখ্যক আৰু একমাত্ৰ জনজাতীয় মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত দ্ৰৌপদী মূৰ্মহক অভিনন্দন জনায়। ভাতৰিটোত উল্লেখ আছে যে সেই বিসেষ ব্যক্তিজন হলধৰ নাগ।

হলধৰ নাগ হল ওড়িশাৰ ৭১ বছৰীয়া কোশলী ভাষাৰ কবি।

সেয়ে স্পষ্ট হয় যে ভাইৰেল পোষ্টটোত কৰা দাবী ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।