ক্ৰিকেটাৰ বিৰাট কোহলি আৰু অভিনেত্ৰী অনুস্কা শৰ্মাই তেওঁলোকৰ সন্তানদুচি কোলাত লৈ উঠা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।
কেপচনত লিখা আছে: “সুন্দৰী পত্নীৰ সৈতে বিৰাট কোহলি”
ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি ফটোখন AIৰ দ্বাৰা নিৰ্মাণ কৰা বুলি প্ৰতিপন্ন কৰে।
ৰিভাৰ্ছ ইমেজ চাৰ্ছত ফটোখন সন্দৰ্ভত কোনো বাতৰি বা অইন নিৰ্ভৰযোগ্য তথ্য লাভ লকৰিলো। ইয়াৰোপৰি বিৰাট কোহলি বা অনুস্কা শৰ্মাৰ নিজা সামাজিক মাধ্যমতো তেনে কোনো ফটো দেখা পোৱা নগল।
সুক্ষ্মভাবে চোৱাত ফটোখন AIৰ দ্বাৰা সজোৱা কথাটো স্পষ্ট হয়। ইয়াৰ সামঞ্জস্যহীন শাৰীৰিক অৱয়বৰ মসৃণতা, কেতবোৰ বিশেষ বৈসাদৃস্যই ফটোখন ডিজিটেল মাধ্যমেৰে সজোৱা বুলি স্পষ্ট হৈ পৰে।
ইয়াৰোপৰি ফটোখনৰ সোফালৰ কোণত XAIৰ দ্বাৰা সজোৱা AI মঞ্চ “Goak” বুলি ৱাটাৰ মাৰ্কেৰে লিখাও দেখা গৈছে। ইয়ে ফটোখন AIৰ দ্বাৰা সজোৱা বুলি ইংগিত দিয়ে।
TrueMedia আৰু Hive Moderationৰ দৰে এপ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত ফটোখন AIৰ দ্বাৰা সজোৱা বুলি স্পষ্ট হয়। (সবিশেষ বিশ্লেষণ ইয়াত পাব) 1 of 2
এনেদৰেই স্পষ্ট হয়, সন্তানৰ সৈতে বিৰাট কোহলী আৰু অনুস্কা শৰ্মাৰ ফটোখন কৃত্ৰিমভাবে নিৰ্মাণ কৰা।