বলিউডৰ চুপাৰষ্টাৰ চলমান খান আৰু ক্ৰিকেটাৰ বিৰাট কোহলীয়ে একেলগে থকা কেইবাখনো ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে এয়া সঁচা ফটো বুলিও দাবী কৰিছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোসহ কেপচনত লিখিছে: চলমান খান আৰু বিৰাট কোহলীয়ে সাগৰ তীৰৰ বা বীচ্চৰ মনোৰম দৃশ্য উপভোগ কৰিছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাওক।
একেধৰণৰ আন এটা ফেচবুক পোষ্টত লিখা আছে: ৰাজস্থানৰ মৰুভূমিত সৃষ্টি হোৱা নৈৰ বাঢ়নি পানীৰ বানৰ মাজত বিৰাট কোহলী আৰু চলমান খান।

এই পোষ্টটো ইয়াত (আৰ্কাইভ) চাওক।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন কৰে।
একে ধৰণৰ শব্দ প্ৰয়োগ কৰি ইণ্টাৰনেটত অনুসন্ধান কৰাত নিউজ মোবাইল ৰ দলে এই সন্দৰ্ভত বিশ্বাসযোগ্য কোনো বাতৰি বা তথ্য লাভ নকৰিলে। আনকি চলমান খান আৰু বিৰাট কোহলীৰ সামাজিক মাধ্যমৰ একাউণ্টতো এনে কোনো তথ্য বা ফটো দেখা নগ’ল।
ফটোকেইখন ভালদৰে নিৰীক্ষণ কৰাত তাত AIৰ দ্বাৰা ফটো বনোৱা সজুলি ‘META AI’ ৰ চিহ্ন ৱাটাৰ মাৰ্ক সহ দেখা গ’ল।
ইয়াৰোপৰি ফটোবোৰ AI চিহ্নিত কৰিব পৰা সজুলি Hive Moderationৰ জৰিয়তে পৰীক্ষা কৰি চোৱাত এই ফটোবোৰ AIৰ দ্বাৰা নিৰ্মীত বুলি স্পষ্ট হয়।

এনেদৰেই এই ফটোবোৰ যে সঁচা নহয়, AIৰ দ্বাৰা নিৰ্মীত সেয়া প্ৰতপন্ন হয়।

