ভাৰতৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ মৃত্যু হোৱা বুলি দাবী কৰা এটা ভিডিও সামাজিক মাদ্যমত ভাইৰেল হৈছে। কোহলীৰ এটা দুৰ্ঘটনাত মৃত্যু হোৱা বুলি প্ৰচাৰ কৰা হৈছে।
কোহলীৰ ফটোসহ হিন্দীতে লিখিছে: আজি এটা দুৰ্ঘটনাত বিৰাট কোহলীৰ মৃত্যু হৈছে 😭।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো পুৰণি বুলি প্ৰতিপন্ন হয়।
মূল শব্দ প্ৰয়োগ কৰি গুগলত অনুসন্ধান কৰাত তেনে কোনো বিশ্বাসযোগ্য খবৰ লাভ নকৰিলো। বিচিচিআইকে ধৰি কোনো গুৰুত্বপূৰ্ণ সংবাদ মাধ্যমে কোহলীৰ মৃত্যু সন্দৰ্ভত কোনো তথ্যই প্ৰচাৰ কৰা নাই।
বিৰাট কোহলীৰ নিজা সামাজিক মাধ্যমৰ হেণ্ডেলবোৰৰ লগতে তেওঁৰ পত্নী অনুষ্কা শৰ্মাৰো সামাজিক মাধ্যমৰ হেণ্ডেলতো তেনে কোনো ঘোষণা দেখা নাপালো।
এই ভাইৰেল দাৱীৰ বিপৰীতে শেহতীয়াকৈ কোহলীক ICC Champions Trophyৰ ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে হোৱা মেচত কেলত ভাৰতৰ হৈ খেলাহে দেখা গ’ল।
View this post on Instagram
এনেদৰেই, বিৰাট কোহলীৰ মৃত্যু হোৱা বুলি দাবী কৰা ভাইৰেল পোষ্টটো যে ভুৱা সেয়া স্পষ্ট হয়।

