সত্যতা নিৰূপণ: বিশ্ব স্বাস্থ্য সংস্থাৰ চিকিত্সকে কৰোনা ভাইৰাছ এবিধ সাধাৰণ জ্বৰ বা ফ্লু বুলি কৈছিল নেকি? সত্য জানিবলৈ পঢ়ক

0 79

চীনত পুনৰ কোভিড ১৯ৰ ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে এটা বিশেষ ভিডিও ক্লিপ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ক্লিপটোৰ সৈতে দাবী কৰা হৈছে যে হু (WHO)ৰ তৰফৰ পৰা কোৱা হৈছে যে কৰোনাভাইৰাছ এবিধ সাধাৰণ জ্বৰ বা ফ্লু আৰু কৰোনাত আক্ৰান্তসকলে কোৱাৰেইনণ্টাইন বা আছুতীয়াকৈ থাকিব নালাগে।

ফেচবুক পোষ্টত লিখা আছেব্ৰেকিং নিউজ: ডব্লিউ এইচ ও-ই নিজৰ ভুল স্বীকাৰ কৰি সম্পূৰ্ণ ইউ টাৰ্ণ লৈ কৈছে যে কৰোনা এবিধ সাধাৰণ বতৰজনিত ৰোগৰ ভাইৰাছ, ই বতৰ সলনিৰ বাবে হোৱা ৰোগ আৰু এই ৰোগৰ সময়ত চৰ্দি, জ্বৰ বা ডিঙিৰ সুৰসুৰনি হয়েই, সেয়ে ইয়াৰ বাবে ভীতিগ্ৰস্ত হোৱাৰ আবশ্যকতা নাই। ডব্লিউ এইচ ও-ই কৰোনা ৰোগীয়ে আছুতীয়াকৈ বা পৃথককৈ থকাৰ আৱশ্যকতা নাই। ই এজন ৰোগীৰ পৰা আনজনলৈ সংক্ৰমিতও নহয়। চাওক হুৰ সংবাদ মেল। পোষ্টটো যিমান পাৰে শ্বেয়াৰ কৰক।

ওপৰৰ পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়। 

প্ৰথমে আমি WHO ৰ ৱেবছাইটত এই সন্দৰ্ভত অনুসন্ধান কৰিলো যদিও ভাইৰেল ভিডিওটোৰ দৰে কোনো ভিডিও দেখা নাপালো। ৱেবছাইটত আমি তেনে কোনো তথ্যও প্ৰকাশ হোৱা নেদেখিলো।

অধিক অনুসন্ধাত কৰাত আমি কৰোনা অনুসন্ধানৰ বাবে উচ্চস্তৰীয় সমিতি  ACU (Außerparlamentarischer Corona- Untersuchungsausschuss) ৰ সন্দৰ্ভৰ ২০২০ চনত প্ৰচাৰ কৰা একেটা ভিডিও লাভ কৰিলো। ভিডিওটোত বাৰ্লিনত সমিতিখনৰ চিকিত্সকসকলৰ সংবাদ মেলৰ দৃশ্য দেখা গৈছিল। 

আমি পোষ্টটোত কৰা গুৰুত্বপূৰ্ণ দাবী সন্দৰ্ভতো অনুসন্ধান কৰাত।

দাবী-১: COVID-19 সাধাৰণ ফ্লু বা জ্বৰ

ৰোগ প্ৰশমন আৰু প্ৰতিৰোধ কেন্দ্ৰ( Centre for Disease Control and Prevention)ৰ মতে সাধাৰণ ফ্লু আৰু কোভিড ১৯ৰ মাজত প্ৰাৰ্থক্য আছে। তেওঁলোকে প্ৰকাশ কৰা মতে ইনফ্লুয়েঞ্জা ফ্লু আৰু কোভিড ১৯ দুয়োবিধ ৰোগ শ্বাস প্ৰশ্বাসজনিত ৰোগ যদিও দুয়োবিধৰ মাজত প্ৰাৰ্থক্য আছে। কোভিড ১৯ হল ২০১৯ত প্ৰথম বাৰলৈ আৱিস্কাৰ হোৱা কৰোনাভাইৰাছ (SARS-CoV-2) ৰ পৰা সংক্ৰমিত হয়। আনহাতে ফ্লু সংক্ৰমিত হয় ফ্লু ভাইৰাছ (influenza viruses)ৰ পৰা।

ইয়াৰোপৰি WHO ৰ সঞ্চালক প্ৰধানে ২০২০ৰ ৩ মাৰ্চত প্ৰকাশ কৰা এটা প্ৰবন্ধ অনুসৰি দাবী কৰা হৈছে যে- কৰোনাভাইৰাছ ছাৰ্ছ (SARSSevere Acute Respiratory Syndrome)নহয়।  ই মেৰ্ছ MERS(Middle-East Respiratory Syndrome) নহয় and ই ইনফ্লুয়েঞ্জাও নহয়। ই এবিধ বিশেষ ধৰণৰ বৈশিষ্ট্য থকা ব্যতিক্ৰম ভাইৰাছ।

দাবী-২: সামাজিক দুৰত্ব বজাই ৰখাৰ আৱশ্যকতা নাই

 WHO ৰ ৱেবছাইটত নিৰ্দেশনা আছে যে কথা কওতে বা হাচি বা কাহ মৰাৰ সময়ত সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ইজনে সিজনৰ সৈতে কমেও এক মিটাৰৰ সামাজিক দুৰত্ব বজাই ৰখাটো অতি আৱশ্যক। আনকি নিজৰ পৰা আন লোকৰ মাজত ইয়াতকৈ অধিক দুৰত্ব ৰখা বেছি ভাল। দুৰত্ব যিমান বেছি হয়, সিমানেই ভাল।

গতিকে এই তথ্যসমূহৰ পৰাই স্পষ্ট হল যে হুৰ চিকিত্সকসকলে প্ৰকাশ কৰা বুলি দাবী কৰা এই পোষ্টটো ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।