সত্যতা নিৰূপণ : বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছত বিহাৰত প্ৰতিবাদ হোৱা বুলি দাবী কৰা ভাইৰেল ভিডিওটো পুৰণি

0 282

সহস্ৰ মানুহ দেখিবলৈ পোবা এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ পোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিওটো বিহাৰ বিধান সভাৰ পাছত BJP-ৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ।

এজন ফেইচবুক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো আপলোড কৰি এই শিৰোনামা দিছিল —*বিহাৰৰ নিৰ্বাচনৰ পাছত #ভাৰতীয়সংবাদমাধ্যম #বাতৰি #ভাৰত #ভাইৰেল #বিজেপি #ৰাহুলগান্ধী #কংগ্ৰেছ #ভাৰত #মোদী #inc #বিকাশ_আহিৰ_kk_66*


ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন কৰা হয়।

ভিডিঅ’টোৰ কী-ফ্ৰেমসমূহৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলে একেই ক্লিপটো ২২ ছেপ্টেম্বৰ, ২০২৫-ৰ ইনষ্টাগ্ৰাম পোষ্ট দেখা পালে। সেই পোষ্ট অনুসৰি, ভিডিঅ’টো দৃশ্য অসমবাসীয়ে গায়ক জুবিন গাৰ্গক বিদায় জনোৱাৰ সময়ৰ দৃশ্য। আৰু ভিডিঅ’টো বিহাৰ বিধানসভা নিৰ্বাচনৰ (নৱেম্বৰ ২০২৫) বহু আগৰ।

 

View this post on Instagram

 

A post shared by Ishani Das (@its___lovely__misti)

এনেদৰেই স্পষ্ট হয় ভাইৰেল ভিডিওত দাবী কৰাৰ দৰে এই ভিডিওটো বিহাৰ নিৰ্বাচনৰ পাছৰ বিজেপিৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ দৃশ্য নহয়।

If you want to fact-check any story, WhatsApp it now on ‪+91 11 7127 9799‬