সত্যতা নিৰূপণ: বিজেপি আৰু AAP (আপ)ৰ ২০১৯ ভিডিও ভুৱা দাবীৰে সামাজিক মাধ্যমত ভাইৰেল হৈছে

0 244

মুছলমান লোকসকলে ভাৰত মাতা কী জয় ধ্বনি দি অখিলেশ যাদব, ৰাহুল গান্ধী আৰু মমতা বেনাৰ্জী প্ৰভৃতি ৰাজনৈতিক নেতাসকলক মুৰ্দাবাদ ধ্বনি দিয়া এটা ভিডিও সামাজিক মাধ্যমত বহুৰ প্ৰচাৰ হৈছে। বহুতে যোগী চৰকাৰৰ দিনত ৰাজ্যত এনে কাৰ্যও সম্ভব হৈছে বুলি দাবী কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে পোষ্ট কৰি কেপচনত লিখিছে: *শাসন যদি প্ৰভাবশালী হয়, তেন্তে!!* বৰবৰজনৰোমানসিক পৰিবৰ্তনন হয়!!* যোগী মহাৰাজৰ জয় হওক। 

এই পোষ্টটো  ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই  সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ভিডিওটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত বিজেপি দিল্লীৰ মুখপাত্ৰ নিঘাট আব্বাছে  ২০১৯ৰ ৭ মে ২০১৭ প্ৰচাৰ কৰা এটা টুইট লাভ কৰিলো।

টুইটোত থকা কেপচনৰ পৰা জানিব পৰা যায় যে ভিডিওটোত ধ্বনি দি থকা মহিলাগৰাকী নিঘাট নিজেই আৰু তেওঁ স্পষ্টকৈ কৈছে যে কংগ্ৰেছ আৰু আপ দলৰ পৰা আজাদী বা মুক্তি পাবলৈ তেওঁ তেনে ধ্বনি দিছিল।

আমি নিঘাটেই ২০২০ৰ ১৬ জানুৱাৰীত বিজেপিৰ নেতা অৰুণ যাদব এটা টুইটৰ  quote tweet বা (উল্লেখিত টুইতৰ টুইট)প্ৰচাৰ কৰা দেখা পাও। সেই টুইটটোত মুছলমান সম্প্ৰদায়ক ৰাহুল গান্ধীৰ পৰা ৰক্ষা কৰাৰ কথা উল্লেখ আছিল। ইয়াৰ প্ৰত্যুত্তৰত নিঘাট আব্বাছে স্পষ্ট কৰে যে এই ভিডিওটো ২০১৯ৰ লোকসভাৰ নিৰ্বাচনৰ সময়ত কোনো বিজেপিৰ সমৰ্থকে ৰেকৰ্ড কৰিছিল। ইয়াৰ সৈতে উত্তৰ প্ৰদেশ বা যোগী আদিত্য নাথৰ কোনো সম্পৰ্ক নাই।

সেয়ে, কব পাৰি যে ভাইৰেল ভিডিওটোত দাবী কৰাৰ দৰে যোগী চৰকাৰৰ সময়ত মুছলমান সকলে ভাৰত মাতা কী জয় আৰু অখিলেশ যাদব, ৰাহুল গান্ধী আৰু মমতা বেনাৰ্জী প্ৰভৃতি ৰাজনৈতিক নেতাসকলক মুৰ্দাবাদ ধ্বনি দিয়া দাবী অমূলক।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।