সত্যতা নিৰূপণ: বিজেপিৰ খাম এটাৰ ভিতৰত টকা থকা পুৰণি পোষ্ট এটাকেই ২০২৪ৰ লোক সভা নিৰ্বাচনৰ সৈতে ভুৱাকৈ সাঙোৰা হৈছে

0 1,929

এগৰাকী মহিলাই ভাৰতীয় জনতা পাৰ্টীৰ মোহৰ থকা খামৰ ভিতৰৰ পৰা টকা উলিওৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ৱহু লোকে এয়া ২০২৪ৰ লোক সভাৰ নিৰ্বাচনৰ সময়ৰ বুলি দাৱী কৰিছে।

ফেচবুক পোষ্টটোত লিখা আছে: “ভোটৰ বাবে টকাকেৱল বিজেপিৰ বাবেহে প্ৰযোজ্য.”

ফোচবুক পোষ্টটো  ইয়াত. (আৰ্কাইভ) পাব। 

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভাইৰেল ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে  ২০২৩ৰ ১৭ নৱেম্বৰৰ Xত প্ৰচাৰিত এটা ভিডিও দেখা পালে।  তাৰ কেপচনত আছিল: বিগ ব্ৰেকিং: মধ্য প্ৰদেশ। বিজেপি প্ৰাৰ্থী সুৰেশ ৰাইৰ সমৰ্থকসকলে নিশা ১৩ নং ৱাৰ্ড ছেহোৰত এনেদৰে টকা বিলাইছে। কিনা-বেছাৰ বাহিৰে আন একোৱেই ভাবিব নোৱাৰে বিজেপিয়ে।

 

আমি জী নিউজত  প্ৰচাৰিত এটা বাতৰি  লাভ কৰিলো,  তাত ছেহোৰৰ আয়ুক্তই বিজেপিৰ প্ৰাৰ্থীজনৰ ফটো থকা খাম এটাৰ পৰা টকা উলিওৱা ভিডিওটোৰ সন্দৰ্ভত জ্ঞাত বুলি জনায়।

উল্লেখনীয় যে  লোক সভা নিৰ্বাচনত এইবাৰ ৰায়ে প্ৰতিদ্বন্দ্বিতা কৰা নাই, সেয়ে এই ভিডিওটো ২০২৪ৰ লোকসভা নিৰ্বাচনৰ হোৱাৰ প্ৰশ্নই নাহে।  ৰায় বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা আৰু ২০২৩ৰ মধ্য প্ৰদেশ বিধান সভা নিৰ্বাচনত ছেহোৰ সমষ্টিৰ পৰা জয়লাভ কৰিছিল।

আমি নিজা ববীয়াকৈ ভিডিওটোত দেখুওৱা দৃশ্য ক’ৰ বা কিহৰ উলিয়াব নোৱাৰিলো যদিও এয়া স্পষ্ট হৈ পৰিল যে এই ভিডিওটোৰ সৈতে ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ কোনো সম্পৰ্ক নাই।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel