৪ জুনত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে বিজেপিৰ উত্তৰ প্ৰদেশ সমিতিৰ X হেণ্ডেলৰ এটা পোষ্টৰ স্ক্ৰীণশ্বট সামাজিক মাধ্যমত ভআইৰেল হৈছে। স্ক্ৰীণশ্বটটোত অমিত শ্বাহক ভাৰতৰ প্ৰধানমন্ত্ৰী বুলি উল্লেখ কৰা আছে।
আম আদমী পাৰ্টীৰ সামাজিক মাধ্যমসমূহত এই স্ক্ৰীণশ্বটটো প্ৰচাৰ কৰি কেপচনত লিখা আছে: প্ৰধানমন্ত্ৰী হোৱাৰ বাবে অমিত শ্বাহে দাবী উত্থাপন কৰা আৰম্ভ কৰি দিলে ‼️ নিৰ্ৱাচনৰ ৭ম প্ৰযায়ৰ ভোটগ্ৰহণ আৰম্ভই হোৱা নাই, BJP য়ে অমিত শ্বাহক প্ৰধানমন্ত্ৰী বনায়েই দিলে। এই কথাৰেই ভৱিষ্যত্ৱাণী কেজৰিৱালজীয়ে কিছুদিন পূৰ্বে কৰিছিল। এতিয়া মোদী ধ্যান কৰিৱলৈ যোৱাৰ লগে লগে বিজেপিৰ সামাজিক মাধ্যমত নিজকে প্ৰধানমন্ত্ৰী বুলি প্ৰচাৰ কৰিলে। অমিতজী, বেছি উত্সাহী হোৱাৰ আৱশ্যকতা নাই ৪ জুন আপোনাৰ লগতে বিজেপিয়ে শাসনৰ পৰা খেদা খাব।
একেধৰণৰ দাবী ইয়াত আৰু ইয়াত (আৰ্কাইভ লিংক) পাব।
সত্যতা নিৰূপণ
নিউজ মোৱাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।
বিজেপিৰ নিজা সামাজিক মাধ্য়মৰ হেণ্ডেলসমূহপত পুংখানুপুংখ ভাবে অনুসন্ধান কৰাত আমি তেনে কোনো প্ৰসংগৰ প্ৰচাৰ বা বক্তব্য দেখা নাপালো।
ভাইৰেল স্ক্ৰীণশ্বটটোৰ সন্দৰ্ভত ভালদৰে অনুসন্ধান কৰাত নিউজ মোবাইল ৰ দলে বিজেপিৰ উত্তৰ প্ৰদেশৰ X হেণ্ডেল দেখা পালে। উত্তৰ প্ৰদেশ বিজেপিৰ X হেণ্ডেলত ২৯ মে’ ২০২৪ত প্ৰচাৰ হোৱা একেধৰণৰ পোষ্ট এটা দেখা পালে। ভাইৰেল পোষ্টটো এই পোষ্টটোতকৈ সামান্য সালসলনি কৰা হৈছে।
प्रधानमंत्री श्री @narendramodi के संसदीय क्षेत्र वाराणसी में आयोजित जनसभा को उप मुख्यमंत्री श्री @kpmaurya1 व केन्द्रीय मंत्री श्रीमती @smritiirani ने संबोधित किया। pic.twitter.com/LARhVZ6T0h
— BJP Uttar Pradesh (@BJP4UP) May 29, 2024
অত্তৰ প্ৰদেশ বিজেপিৰ X হেণ্ডেলত লিখা আছিল: প্ৰধানমন্ত্ৰী শ্ৰী @নৰেন্দ্ৰমোদীৰ সংসদীয় ক্ষেত্ৰ বাৰানসীত আয়োজিত জনসভাত উপ মুখ্যমন্ত্ৰী শ্ৰী @কেপিমৌৰ্য1 আৰু দেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী @স্মৃতিইৰাণীয়ে ভাষণ দিয়ে।
তলত দুয়োখন ফটোৰ ৰিজনি দিয়া হ’ল
এই তথ্যই প্ৰমাম কৰে, অমিত শ্বাহ সন্দৰ্ভত চলা প্ৰচাৰ ভুৱা।