সত্যতা নিৰূপণ: বিজয় ৰূপাণীৰ ২০২১ৰ ফটো এখন AI-171 দুৰ্ঘটনাৰ পূৰ্বতে লোৱা ৰূপাণীৰ শেহতীয়া ফটো বুলি প্ৰচাৰ কৰা হৈছে

0 98

গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপাণীৰ প্ৰাণহানি হোৱ আহমেদাবাদ- লণ্ডন বিমান দুৰ্ঘটনাৰ সময়তে সামাজিক মাধ্যমত এখন ভাইৰেল হৈছে। ফটোত তেওঁক বিমানৰ ভিতৰত বহি থকা দেখা গৈছে। এগৰাকী মহিলাই লোৱা ছেলফিত তেওঁক নিজৰ আসনতত বহি থকা দেখা গৈছে। বহুতে এই ফটোখন বিমান দুৰ্ঘটনাৰ পূৰ্বৰ ৰূপাণীৰ অন্তিমখন ফটো বুলি দাবী কৰিছে।

ফোচবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো  পোষ্ট কৰি কেপচনত লিখিছেn: 

দুর্ঘটনাৰ পূৰ্বৰ। বিমানত গুজৰাটেৰ প্রাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানী জী।
গুজৰাটেৰ প্রাক্তন মুখ্যমন্ত্রী শ্রী বিজয় ৰূপাণীজী আৰু নেই।
এগৰাকী দূৰদর্শী নেতা, এগৰাকী নম্র ৰাষ্ট্রনায়ক এবং জনগণৰ এজন প্ৰকৃত সেৱকেৰ নিধন অসহনীয় ক্ষতি।   এই শোক প্রকাশেৰ ভাষা অসম্পূর্ণ।
তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰক।
তেওঁৰ পৰিয়াল আৰু অসংখ্য শুভাকাংক্ষীলৈ সমবেদনা, ভগৱানে তেওঁলোকক শক্তি দিয়ক।

পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

নিউজ মোবাইলৰ  দলে  ভাইৰেল ভিডিটো থকা এটা  পোষ্টৰ সৈতে এখন ফটো দেখা পালে। ফটোখন বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপাণীৰ শেহতীয়া ফটো বুলি দাবী কৰা হৈ।ে।

 বিজেপি নেতা মজিদ লাডানীয়ে প্ৰত্যুত্তৰত দাবী কৰে যে এই ফটোখন শেহতীয়া নহয়। তেওঁৰ দাবীৰ সমৰ্থনত তেওঁ গোস্বামী লীনা নামৰ এগৰাকীৰ ফেচবুক পোষ্ট এটাৰ স্ক্ৰীণ শ্বট সংলগ্ন কৰিছিল।

স্ক্ৰীণশ্বটত একেটা ভাইৰেল ইমেজ প্ৰদৰ্শিত হৈছে, লগতে কেপচনত উল্লেখ কৰা হৈছে যে তেওঁ আৰু বিজয় ৰূপানী ২০২১ চনৰ ১২ জুনত একেখন বিমানত আছিল, যাৰ পৰা অনুমান কৰিব পাৰি যে ফটোখন প্ৰায় চাৰি বছৰ পূৰ্বে তোলা।

এই তথ্যৰ পৰা স্পষ্ট হয় যে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপাণীৰ অন্তিমখন, বিমান দুৰ্ঘটনাৰ পূৰ্বৰ ফটো বুলি দাবী কৰা পোষ্টটো ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799