সত্যতা নিৰূপণ: বাৰ্মাৰ মহিলা এগৰাকীক হত্যা কৰা এটা ২০২২ৰ ভিডিও মনিপুৰৰ শেহতীয়া হিংসাত্মক ঘটনাৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে

0 1,070

ৰাজপথৰ মাজত এদল উন্মুক্ত মানুহে এগৰাকী যুবতীক মাৰি থকা আৰু শেষত শূন্য দুৰত্বৰ পৰা তেওঁক গুলীওৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।  গুলীওৱাৰ পূৰ্বে যুবতীগৰাকীক আঠু কাঢ়ি থকা দেখা গৈছে। বহুকেইজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এয়া মনিপুৰত চলি থকা গোষ্ঠী সংঘৰ্ষৰ সময়ৰ দৃশ্য বুলি দাবী কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো  পোষ্ট কৰি  কেপচনত লিখিছে: #আন্তঃৰাষ্ট্ৰীয় মানবাধিকাৰ অমানবীয় ভাবে হত্যা কৰা এই মানুহবোৰ কৰ, বিশেষকৈ এই মহিলাগৰাকী ! মনিপুৰত কুকি আৰু মনিপুৰী মেইটেইসকলৰ মাজত চলি থকা গোষ্ঠী সংঘৰ্ষত খ্ৰীষ্ট ধৰ্মী কুকি গাভৰুক হত্যা কৰাৰ ভয়ংকৰ ভিডিও।  ফেচিবাদী চৰকাৰৰ শাসনকালতেই মনিপুৰত এনে বিভত্স ঘটনা সংঘটিত হৈ আছে। এয়া স্বেচ্ছাচাৰিতা, আজিয়েই ব্যৱস্থা গ্ৰহণ নকৰিলে কাইলৈ আন এখন ৰাজ্যতো সংঘটিত হব অনুৰূপ ঘটনা। মনিপুৰৰ বাবে প্ৰাৰ্থণা জনালোঁ।

এই পোষ্টটো ইয়াত চাওক।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো লৈ গুগল ইমেজ চাৰ্ছত চোৱাত আমি ৩০৩৩ৰ ৬ ডিচেম্বৰত বাৰ্মাৰ ভাষাৰে লিখা এটা  টটুইত দেখিলো।  তাত থকা ফটোবোৰৰ মাজৰ এখনৰ ভাইৰেল ভিডিওটোৰ কী ফ্ৰেমৰ সৈতে মিল আছে। কেপচনত যুবতী গৰাকীৰ নাম Pyuৰ নেতা হেইন ৱান্না আঙৰ ভতিজী আয়ে মা তুন বুলি উল্লেখ আছে।

মূল শব্দ ব্যৱহাৰ কৰি গুগলত অনুসন্ধান কৰাত আমি এটা বাতৰি লাভ কৰিলো। বাৰ্মাৰ সংবাদ মাধ্যম  ডেমক্ৰেটিক ভয়চ অৱ বাৰ্মাৰ ৱেব ছাইটত প্ৰচাৰিত বাতৰিটোৰ শিৰোনাম : ৮ ডিচেম্বৰৰ ছাগাইঙৰ হত্যাকাণ্ডৰ অনুসন্ধান কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ এনইউজি (NUG )।

বাতৰিটোত সংলগ্ন কৰা ফটোখনৰ ভাইৰেল ভিডিওটোৰ কী ফ্ৰেমৰ সৈতে মিল আছে।  বাতৰিটোত উল্লেখ আছে যে তামু পিপলচ ডিফেন্স ফোৰ্ছৰ সদস্যই এগৰাকী মহিলাক আইন অমান্য আন্দোলনলৈ সমৰ্থন নজনোৱাৰ বাবেই হত্যা কৰা হৈছিল। 

২০২২ৰ ৬ ডিচেম্বৰৰ ঘটনাটো সন্দৰ্ভৰ আন এটা বাতৰি   ক্লিকফৰপিডিএফৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছিল।

এই তথ্যই প্ৰমাণ কৰে, ভাইৰেল ভিডিওটো মনিপুৰৰ শেহতীয়া সংঘৰ্ষৰ ঘটনাৰ নহয়, বাৰ্মাৰ ৰাজপথতহে অমানুষিক ভাবে হত্যা কৰা হৈছিল এগৰাকী মহিলাক।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক