সত্যতা নিৰূপণ: বাংলাদেশৰ ২০২১ চনৰ ভাইৰেল ক্লিপ এটাক ২০২৪ চনৰ ভাৰতৰ লোকসভা নিৰ্বাচনৰ সৈতে সাঙোৰা হৈছে

0 492

একাংশ লোকে আক্ৰোশমূলক কথা বতৰা পাতি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। সামাজিক মাধ্যমৰ বহু ব্যৱহাৰকাৰীয়ে ইয়াক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ সৈতে সাঙুৰিছে।

ফেচবুত প্ৰচাৰিত ভিডিওটোৰ কেপচনত আছে: “কংগ্ৰেছ ক্ষমতালৈ আহিলে ইছলামসকলে হিন্দুসকলৰ ঘৰে ঘৰে গৈ ‘দাৱত’ দিব।’’  

ওপৰৰ পোষ্ট (আৰ্কাইভ)ৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভিডিওটোৰ কীফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত  নিউজ মোবাইলৰ  দলে ২০২১ৰ মে’ মাহত প্ৰচাৰিত এটা টুইট ত ভিডিও এটা পালে।  পূৰ্ণ দৈৰ্ঘৰ  ভিডিওটোত মাইক্ৰ’ফোন ধৰি থকা লোকজন বাংলাদেশৰ দিনাজপুৰৰ ইছলামীয় পণ্ডিত ছৈয়দ ইৰ্ছাদ আহমেদ অল বুখাৰী। ভিডিওটোৰ আৰম্ভনিতে তেঁও নিজৰ পৰিচয় দি দিজানপুৰৰ পৰা কোৱা বুলি প্ৰকাশ কৰে।

https://x.com/swati_gs/status/1390019468051451904

আমি তেওঁৰ ফেচবুক প্ৰ’ফাইল আৰু ইউটিউব চেনেলত ২০২১ৰ ৩০ এপ্ৰিলত এটা ভিডিও আপলোড কৰা দেখিলো। তাৰ শিৰোনামত আছে : ‘ডঃ ছৈয়দ ইৰছাদ বুখাৰীয়ে  বাংলাদেশৰ নৰসিংহবাদলৈ মুবাহিলা প্ৰত্যাহ্বান জনাইছে।’  ছৈয়দ ইৰছাদ বুখাৰী হ’ল দিজানপুৰৰ আৰু ২০২১ৰ ৩০ এপ্ৰিলত নিজেৰেই ইউটিউব চেনেলত ভিডিও প্ৰচাৰ কৰা এজন ইছলামিক পণ্ডিত। ভিডিওটোত নৰসিংহানন্দ সৰস্বতীক   ‘মুবাহিলা প্ৰত্যাহ্বান’ জনাইছিল। ২০২১ৰ ৩০ এপ্ৰিলৰ ভিডিওটোৰ শিৰোনামত আছে ‘ডঃ ছৈয়দ ইৰছাদ বুখাৰীয়ে  বাংলাদেশৰ নৰসিংহবাদলৈ মুবাহিলা প্ৰত্যাহ্বান জনাইছে।’ ভাইৰেল ভিডিওটোৰ ক’তোৱেই কংগ্ৰেছ দল বা ২০২৪ৰ নিৰ্বাচনৰ কথা উল্লেখ নাই।

 

এই তথ্যই প্ৰমাণ কৰে, ২০২১ৰ বাংলাদেশৰ ভিডিও এটাকেই ২০২৪ৰ ভাৰতৰ লোকসভা নিৰ্বাচনৰ সৈতে সাঙুৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচৰা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel