সত্যতা নিৰূপণ: বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই ফোঁট লোৱা সম্পাদিত ফটোখন দেখি বিভ্ৰান্ত নহ’ব

0 20

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে ফোঁট লোৱা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ৰিভাৰ্ছ চাৰ্ছ ইমেজত ফটোখন দিয়াত ফটোখন কান্নড়াত ভাষাৰ Hindustan Times ত ১৪ ছেপ্তেম্বৰ ২০২২ত প্ৰকাশিত মূল ফটোখন লাভ কৰিলো। তাত শ্বেইখ হাছিনাৰ সলনি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰহে ফটো দেখা গল।

বাতৰিটোত প্ৰকাশ পোৱা মতে ফটোখন ৰাহুল গান্ধীয়ে কেৰালাৰ শিৱাংগিৰি মঠ দৰ্শন কৰিবলৈ যোৱাৰ সময়ৰ। এই সন্দৰ্ভৰ আন কেইটামান বাতৰি  ইয়াতইয়াত, আৰু ইয়াত চাব পাৰিব।

কংগ্ৰেছ দলে মূল ফটোখনl  ১৪ ছেপ্তেম্বৰ ২০২২ X োগে প্ৰচাৰ কৰিছিল।

দুয়োখন ফটো ৰিজাই চালে দেখা যাব যে মূল ফটোখন সম্পাদনা কৰি শ্বেইখ হাছিনাৰ ফটোখন সন্নিবিষ্ট কৰা হৈছে।

এনেদৰেই স্পষ্ট হয়, শ্বেইখ হাছিনাই ফোঁট  লোৱা বুলি দাবী কৰা ফটোখন প্ৰকৃততে সম্পাদনা কৰাহে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799