১৫ এপ্ৰিলৰ নিশা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত গেংষ্টাৰ-ৰাজনৈতিক আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক গুলীয়াই হত্যা কৰা হৈছিল। সাংবাদিকৰ বেশত যোৱা আক্ৰমণকাৰীয়ে শূন্য দুৰত্বৰ পৰা দুয়োকে গুলীয়াই হত্যা কৰিছিল। এই ঘটনাৰ পূৰ্বে ১৩ এপ্ৰিলৰ দিনা উত্তৰ প্ৰদেশৰ ঝান্সিত আতিকৰ পুত্ৰ আসাদ আৰু তেওঁৰ সহযোগী গুলামৰ আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত মৃত্যু হৈছিল। ১৫ এপ্ৰিলৰ দিনা প্ৰয়াগৰাজৰ কেশৰী মাছাৰি কবৰস্থানত আসাদক সমাধিস্থ কৰা হৈছিল।
এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত আসাদ আহমেদক অন্ত্যোষ্টিক্ৰিয়াৰ সময়ৰ বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।
পোষ্টটো ফেচবুকত শ্বেয়াৰ কৰি কেপচনত লিখিছে- “আতিক আহমেদৰ পুত্ৰ আসাদৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়ত মানুহৰ ভিৰ।”
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।
গুগলত অনুসন্ধান কৰাত আমি টুইটাৰৰ. এটা পোষ্টত ভাইৰেল ভিডিওটো দেখা পালো। তাৰ প্ৰত্যুত্তৰত টুইটাৰ ব্যৱহাৰকাৰীজনে লিখিছে- এইটো “নাডৱি চাহাব”.ৰ অন্ত্যোষ্টিক্ৰিয়াৰ ভিডিও।
আৰু অধিক অনুসন্ধানত আমি ২০২৩ৰ ১৩ এপ্ৰিলত এটা ইউটিউব চেনেলত আপলোড কৰা ভাইৰেল ভিডিোটোৰ মূল, বিস্তৃত ভিডিওটো লাভ কৰিলো। তাৰ কেপচনত আছিল: “হজৰত মৌলানা চৈয়দ মহম্মদ ৰবি হোছনী নাডৱিৰ অন্ত্যোষ্টিক্ৰিয়া। ঈশ্বৰে তেওঁৰ আত্মাক শান্তি দিয়ক। #নাডলা #দুনুল।” এই ভিডিওটোৰ ২মিনিট ২০ ছেকেণ্ডৰ অংশটোত ভাইৰেল ভিডিওটো দেখা গৈছে।
তলত ভাইৰেল ভিডিও আৰু মূল ভিডিওৰ মাজত সাদৃস্য দেখুওৱা হৈছে।
অসংখ্য জনে মৌলানা নাডৱিৰ অন্ত্যোষ্টিক্ৰিয়াৰ দৃশ্য প্ৰচাৰ কৰিছে। অল ইণ্ডিয়া মুছলিম পাৰ্ছ’নেল ল’ ব’ৰ্ডৰ অধ্যক্ষ আৰু ডাৰুল উলুম নাডৱাতুল উলেমাৰ চেঞ্চেলৰ নাডৱিৰ ২০২৩ৰ ১৩ এপ্ৰিলত লক্ষ্ণৌত ৯৪ বছৰ বয়সত মৃত্যু হৈছিল।
১৫ এপ্ৰিলৰ দিনা প্ৰয়াগৰাজৰ কেশৰী মাছাৰি কবৰস্থানত আসাদ আহমেদৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল। ইয়াত অন্ত্যোষ্টিক্ৰিয়াৰ সময়ৰ দৃশ্যাৱলী আছে।
এই তথ্যই প্ৰমাণ কৰে যে সামঞ্জস্যহীন ভিডিও এটাকেই আতিক আহমেদৰ পুত্ৰৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়ৰ ভিডিও বুলি দাবী কৰা হৈছেল।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।