সত্যতা নিৰূপণ: প্ৰধানমন্ত্ৰী মোদীয়ে AIMIMক সমৰ্থন কৰা বুলি চলোৱা ভাইৰেল ক্লিপটো সম্পাদিত

0 1,604

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ১৩ মে’ত  অনুষ্ঠিত হয়।  ভাৰতীয় জনতা পাৰ্টীয়ে ৪০০ আসন লাভৰ লক্ষ্য আগত ৰাখি দক্ষিণ ভাৰতত বহুল ভাবে নিৰ্বাচনী প্ৰচাৰ চলাইছে।   এনে সময়তে সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ভিডিও ভাইৰেল হৈছে। তাত দাৱী কৰা হৈছে, প্ৰধানমন্ত্ৰী মোদীয়ে আছাউদ্দিন ওৱেইছীৰ AIMIM দলক সমৰ্থন জনাইছে। ভাইৰেব ভিডিওটোৰ প্ৰধানমন্ত্ৰীক এইদৰে কৈ থকা দেখা যায়: “তেলেংগানাই কৈ আছে কংগ্ৰেছ নহয় TRS নহয়  … BJP নহয়আমি কেৱল AIMIMক ভোট দিম।  আমি AIMIMক জয়যুক্ত কৰাম।

ফেচৱুক পোষ্টটোত আছে : “মোদীয়ে হায়দৰাবাদত AIMIM ক সমৰ্থন কৰিছে

ওপৰৰ পোষ্টটো  ইয়াত. (আৰ্কাইভ) পাব 

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমাৰ দলে প্ৰধানমন্ত্ৰী মোদীৰ ইউটিউৱ চেনেলত ১০ মে’ত আপলোড কৰা এটা ভিডিও দেখা পালে। তাৰ কেপচনত আছে: “PM Modi Live. তেলেংগানাৰ হায়দৰাবাদত ৰাজহুৱা সভা। ২০২৪ৰ লোকসভা নিৰ্বাচন।”

ভিডিওটোৰ 12:47 টাইম ষ্টাম্পত প্ৰধানমন্ত্ৰী মোদীক কৈ থকা শুনা যায়, “কংগ্ৰেছ… নহয়, TRS… নহয়, AIMIM… নহয়, আমি কেৱল বিজেপিক ভোট দিম।  আমি বিজেপি জয়যুক্ত কৰাম।” তাত বা ভিডিওটোৰ ক’তোৱেই AIMIMক সমৰ্থনৰ প্ৰসংগ উল্লেখ নাই।

আমি  হিন্দুস্তান টাইমছ  আৰু  দ্য ষ্টেটমেন কাকতৰ বাতৰিও লাভ কৰিলো, তাত প্ৰধানমন্ত্ৰীয়ে  কংগ্ৰেছ, BRS, আৰু AIMIMএ জনতাৰ ভোট লাভ নকৰে বুলি প্ৰদান কৰা  ভাষণৰ বিতং বিৱৰণি দিয়া আছে।   

এনেদৰেই সামৰণিত ক’ব পাৰি প্ৰধানমন্ত্ৰীয়ে  AIMIM ক সমৰ্থন কৰা বুলি দাবী কৰা ভিডিওটো সম্পাদিত।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel