সত্যতা নিৰূপণ: পুনাৰ খালী চকী থকা সভাৰ দৃশ্যৰ ভিডিও এটা প্ৰধানমন্ত্ৰী মোদীৰ জাম নগৰৰ সভাৰ বুলি প্ৰচাৰ কৰা হৈছে

0 1,161

খালী চকীৰ সভা ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ দি থকা এটা ভিডিও শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাৱী কৰা হৈছে যে এই ঘটনা প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাটৰ জামনগৰৰ সভাৰ। ভিডিওটোত ভাষণৰ সময়তে বহু লোক উঠি যোৱাও দেখা গৈছে।

ভিডিওটো ফেচবুকত শ্বেয়াৰ কৰি কেপচনত লিখিছে:  গুজৰাট ম’ডেল, মোদীজীৰ ৰেলীত লাখ লাখ মানুহৰ সমাগম। চকীবোৰ খালী হৈয়েই আছে।  হয়তো মানুহে ৰেলীলৈ যাবলৈ আৰু বেথি টকা আশা কৰিছে। জাম নগৰত মোদীজীৰ ভাষণ শুনিবলৈ লাখ লাখ মানুহৰ সমাগম। চাওক কিদৰে ঠাহ খাই আছে!  Rajputs_Boycott_Bjp”

ওপৰৰ পোষ্ট . (আৰ্কাইভ)ৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ জাম নগৰ ৰেলী- এই মূল শব্দ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত নিউজ মোবাইলৰ  দলে ২ মে’ ২০২৪ত প্ৰধানমন্ত্ৰীৰ নিজা ইউটিউব চেনেলত  এই ৰেলীৰ ভিডিও দেখা পালো। তাত প্ৰধানমন্ত্ৰীয়ে ধোঁৱা বৰণৰ জেকেট পৰিধান কৰিছিল।

 

অথচ, ভাইৰেল ভিডিওটোত প্ৰধানমন্ত্ৰী মোদীয়ে ৰঙা তাৰবান পৰিধান কৰাৰ লগতে নীলা ৰঙৰ জেকেট এটাহে পৰিধিন কৰিছে। জামনগৰৰ ৰেলী দিনতেই হোৱাৰ বিপৰীতে ভাইৰেল ভিডিওটোত আকাশখন বিয়লিৰ ভাগৰ যেন লাগে। ইয়েই ধাৰণা দিয়ে যে এই ভিডিওটো বিভ্ৰান্তিকৰ।

আৰু অধিক অনুসন্ধানত জানিবলৈ পোৱা গ’ল, বিভ্ৰান্তিকৰ ভিডিওটো পুনাৰহে,  ৩০ এপ্ৰিলত টুইটা ত প্ৰচাৰ হৈছিল।

ভাইৰেল ভিডিওটো প্ৰধানমন্ত্ৰী মোদীৰ ২৯ এপ্ৰিলৰ পুনাৰ ৰেলীৰ পৰা লোৱা।  এইটোও  তেওঁৰ নিজা  ইউটিউব চেনেলত প্ৰচাৰ হৈছিল। এই ভিডিওটোত প্ৰধানমন্ত্ৰী মোদীয়ে ৰঙা তাৰবান আৰু নীলা জেকেট পৰিধান কৰিছিল।

এই তথ্যই প্ৰমাণ কৰে, ভাইৰেল ভিডিওটো গুজৰাটৰ জাম নগৰৰ নহয়, মহাৰাষ্ট্ৰৰ পুনাৰহে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel