সত্যতা নিৰূপণ : পঞ্জাবৰ বানৰ মাজতে স্বৰ্ণ মন্দিৰত তৰি থোৱা তম্বু উৰি যোৱাৰ পুৰণি ভিডিও পুনৰ ভাইৰেল কৰা হৈছে

0 178

নেৰানেপেৰাকৈ, মুষলধাৰ বৰষুণে শেহতীয়াকৈ পঞ্জাবৰ বহু অঞ্চলত বিপৰ্যয়ৰ সৃষ্টি কৰাৰ সময়তে অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ চৌহদৰ এচা তম্ৱু উৰুৱাই নিয়াৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।বহুতে এয়া শেহতীয়া ঘটনা বুলি দাবী কৰিছে।

ভিডিওটোৰ কেপচনত লিখা আছে : “আকাল তখটলৈ সমকট নামি আহিছে, স্বৰ্ণ মন্দিৰত হাহাকাৰৰ সৃষ্টি হৈছে। … এই ভিডিওটোৱে দেখুৱাই দিয়ে স্বৰ্ণ মন্দিৰত ভক্তিৰ সলনি বৰ্তমান কিদৰে নিস্তব্ধতাই বিৰাজ কৰিছে। ” 

ওপৰৰ ভিডিওটো  ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওৰ কীফ্ৰেমৰ ফটো গুগল লেন্স লেন চাৰ্ছত দিয়া হল।  আমি একেটা ভিডিও ২২ জুন ২০২২ 2022ত ধনগুৰু ৰামদছজীয়ে ফেচবকত আপলোড কৰা পোষ্টত দেখা পালো। তাৰ কেপচনত স্পষ্টকৈ লিখা আছিল  শ্ৰী দৰবাৰ ছাহিব (স্বৰ্ণ মন্দিৰৰ ফটো এয়া। আজি ৰাতি কেই মিনিটমানৰ কাৰণে অহা ধুমুহাৰ পাছৰ এই তম্ৱু উৰুৱাই লৈ যায়।

ইয়াৰোপৰি শিখ টুৰিজিমৰ ফেজবুক পেজতো ২২ জুন ২০২২.তাৰিখে একেটা ভিডিওকেই ফেচবুকত পোষ্ট কৰিছিল।

তাৰ পৰবৰ্তী দিনা,  ২৩ জুন ২০২২ লুধিয়ানা টাইমছৰ ফেচবুক পেজতো একেটা ভিডিওকেই শ্বেয়াৰ কৰা হৈছিল। তাৰ বিৱৰণিত ২১ জুন ২০২২ত অতসৰৰ বিধ্বংসী ধুমুহাৰ কথা উল্লেখ কৰা হৈছিল।

শেষত কব পাৰি যে ভাইৰেল ভিডিওটো শেহতীয়া নহয়। এই ভিডিওটো ২০২২ চনৰ জুন মাহৰষ আমৃতসৰত অতি কম সময়ৰ বাবে বলা এজাক বিধ্বংসী ধুমুহাৰ সময়তে  স্বৰ্ণ মন্দিৰৰ চৌহদৰ তম্বুটোৰ ক্ষতি সাধন হৈছিল। এই ভিডিওটোকে এতিয়াৰ বুলি দাবী কৰা কাৰ্য বিভ্ৰান্তিকৰ।