সত্যতা নিৰূপণ: নিশাৰ ভাগত গুলীওৱা এটা ভিডিও কাল্পনিক ভাবে মনিপুৰৰ শেহতীয়া সংঘৰ্ষৰ সময়ৰ ঘটনাৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে

0 647

তিনিজন মানুহে নিশাৰ ভাগত গুলীওৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে।  বহুকেইজন ব্যৱহাৰকাৰীয়ে এয়া সম্প্ৰতি    মনিপুৰত চলি থকা সংঘৰ্ষৰ বাতৰি বুলি প্ৰচাৰ কৰি এই ঘটনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক জগৰীয়া কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছেএয়া কোনো চিনেমাৰ দৃশ্য নহয়, মোদী ডাঙৰীয়াৰ ডাবল ইঞ্জিন  চৰকাৰ চলি থকা মনিপুৰৰ ঘটনা। এতিয়া দালাল ৰূপী একাংশ সংবাদ মাধ্যম আৰু মোদী ভক্তই হয়তো কব এয়া বিৰোধীৰ উচতনিৰ ফলত সৃষ্টি হোৱা সংঘৰ্ষ। কথাতে কোৱা হয় নহয়- “নাচিব নাজানে চোতাল বেঁকা।” গডচেৰ সন্ততি হঁতে দেশখন বৰবাদ কৰি দিলে।

এই পোষ্টটো ইয়াত পাব।

সত্যতা নিৰূপন

নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০২৩ চনৰ ২৯ এপ্ৰিলত এটা অজানা সূত্ৰৰ পৰা প্ৰচাৰিত টুইট লাভ কৰিলো।  টুইটটোৰ ভিডিওৰ সৈতে ভাইৰেল ভিডিওটোৰ হুবহু মিল আছে।  কেপচনৰ কতো এই ভিডিও মনিপুৰৰ সংঘৰ্ষৰ, অৰ্থাত্ ২০২৩ৰ ৩ মেৰ পাছৰ ঘটনাৰ দৃশ্য বুলি উল্লেখ নাছিল।

আমি ২০২০ৰ ৫ জুলাইত প্ৰচাৰিত এটা ইনষ্টাগ্ৰাম পোষ্ট ত একেটা ভিডিওকেই দেখা পালো। ইয়াৰ পৰা প্ৰমাণ পালো ভিডিওটো ৩ বছৰ আগতেই পোষ্ট কৰা। এয়াও স্পষ্ট হয়, এই  ভিডিওটো মনিপুৰৰ শেহতীয়া সংঘৰ্ষৰ নহয়। আমি অবশ্যে ভাইৰেল ভিডিওটো মূলতঃ কৰ সেয়া উলিয়াবলৈ সক্ষম নহলো।        

শেষত  ব পাৰি, ৰাতিৰ এন্ধাৰত তিনিজন মানুহে গুলীওৱা ভাইৰেল ভিডিওটো মনিপুৰৰ নহয়।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799এই নম্বৰত হোৱাটচএপ কৰক