সত্যতা নিৰূপণ: ধ্বংসস্তুপত চলোৱা উদ্ধাৰ অভিযানৰ ভিডওটো আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ স্থানৰ নহয়

0 99

এজন মানুহে হাতুৰীৰে কোবাই ধ্বংসস্তুপৰ পৰা মানুহ এজনক উদ্ধাৰ কৰি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুতে এয়া আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত বিজে চিকিত্সা মহাবিদ্যালয়ত চলা উদ্ধাৰ অভিযানৰ ভিডিও বুলি দাবী কৰিছে।

ফেচবুক ব্যৱহাৰকাৰী এজনে ভাইৰেল ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে : বিমানখনে খুন্দিওৱা অট্টালিকাটোৰ পৰা এজন লোকক উদ্ধাৰ কৰি থকা হৈছে।

ওপৰৰ পোষ্টটো ইয়াত পাব

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কীফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ  দলে ২০২৫ৰ ২২ মে:ত আপলোড কৰা এটা টুইটত একেটা ভিডিও দেখা পালে।  তাৰ কেপচনত আছে: “ইজৰাইলে এয়া কৰিলে! ইহুদী প্ৰশস্তি পাপ।” এই ভিডিওটোতো ভাইৰেল ভিডিওটোৰ দৰেই একেজন মানুহেই হাতত মেচিন আৰু হাতুৰী লৈ উদ্ধাৰ অভিযান চলাই থকা দেখা গৈছে।  

২০২৫ৰ ২৭ মে’ত আপলোড কৰা ইনষ্টাগ্ৰাম ৰীল ত একেটা ভিডিও দেখা গ’ল, ইয়াৰ বিৱৰণিত এই ভিডিওটো পেলেষ্টাইনৰ বুলি উল্লেখ কৰা আছে।

অধিক অনুসন্ধানত ২০২৫ চনৰ ২১ মে’ত  গাজাৰ ফটো সাংবাদিক Badr Tabash– এ আপলোড কৰা ভিডিও দেখা পোৱা গ’ল। তেওঁ পেলেষ্টাইনৰ খান ইউনিছত সংগ্ৰহ কৰা ভিডিওকেইটা নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত আপলোড কৰিছিল।

এই তথ্যসমূহেই স্পষ্ট কৰে যে উদ্ধাৰ অভিযানৰ ভিডিওটো আহমেদাবাদৰ BJ চিকিৎসা মহাবিদ্যালয়ৰ ৱুলি কৰা দাৱী অসত্য।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799