সত্যতা নিৰূপণ: ধীৰেন্দ্ৰ শাস্ত্ৰীৰ পদযাত্ৰাৰ সময়ত ঔৰংগজেৱৰ পোষ্টাৰ প্ৰদৰ্শন কৰা হৈছিল নেকি? সত্য জানিবলৈ পঢ়ক

0 90

পৃথধীৰেশ্বৰ পণ্ডিত ধীৰেন্দ্ৰ শাস্ত্ৰীৰ নদিনীয়া  “হিন্দু একতা যাত্ৰাৰ সময়ত ঔৰংগজেৱৰ পোষ্টাৰ প্ৰদৰ্শন কৰি একাংশ সমৰ্থকে  of “ঔৰংগজেৱ জিন্দাবাদ ধ্বনি দিয়া বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে।

ফুটেজত উৰণ সেঁতুৰ দুয়োফালে থিয় হৈ থকা লোকসকলে হাতত প্লেকাৰ্ড লৈ ধ্বনি দিয়া দেখা গৈছে।  কাকোৱেই  ঔৰংগজেৱ জিন্দাবাদ ধ্বনি দিয়া শুনা নাই।

সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিওটোৰ কেপচনত আছে : “বাঘেশ্বৰ ধামৰ ধীৰেন্দ্ৰ শাস্ত্ৰীৰ সমদলৰ সময়ত ঘাইপথৰ সিপাৰে মুছলমানসকলে ঔৰংগজেৱৰ পোষ্টাৰ লৈ ঔৰংগজেৱ তোমালোকৰ পিতৃ…  ঔৰংগজেৱ তোমালোকৰ পিতৃ… ইংৰাজ তোমালোকৰ পিতৃ… ধ্বনি দিছে। এতিয়াও যদি হিন্দুসকল এক গোট নহয়, তেন্তে ঔৰংগজেৱৰ সতি সন্ততিয়ে তোমালোকৰ কি গতি কৰিব ভাবি চোৱা,… সেয়ে হিন্দুসকলক উচ্চ-নীচ, জাতিভেদ সকলো পাহৰি একগোট হোৱাৰ সময় আহিছে। তেতিয়াহে ধৰ্ম ৰক্ষা পৰিব… জয় শ্ৰী ৰাম।  

ওপৰৰ পোষ্টটো (আৰ্কাইভ) ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভিডিওটোৰ কী-ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০২৪ৰ ২০ নৱেম্বৰত প্ৰচাৰিত এটা ইনষ্টাগ্ৰাম  পোষ্ট দেখা পালো। তাৰ কেপচনৰ পৰা জানিব পৰা যায়, যে ভিডিওটো মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদৰ।  পৃথধীৰেশ্বৰ পণ্ডিত ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে ২০২৪ৰ ২১ নৱেম্বৰত পদযাত্ৰা আৰম্ভ কৰিছিল। অথচ ভিডিওটো অনুষ্ঠানৰ আৰম্ভনিৰ পূৰ্বেই পোষ্ট কৰা হৈছেল।

 

View this post on Instagram

 

A post shared by Mayur Gosavi (@mayuresh_3630)

আৰু অধিক তথ্য বিচৰাত জানিব পৰা গল যে ভিডিওটোৰ সৈতে পদযাত্ৰাৰ কোনো সম্পৰ্ক নাই। কেইবাজনো ব্যৱহাৰকাৰীয়ে  . ভাইৰেল পোষ্টটোত কমেণ্ট কৰি এয়া মহাৰাষ্ট্ৰৰ বুলি স্পষ্ট কৰিছে। আনকি গাড়ীৰ নম্বৰ প্লেটতো “MH-20”টো লিখা দেখা গৈছে, ইয়ে এয়া ঔৰংগাবাদৰ বুলি স্পষ্ট কৰে।। 

শেহতীয়া নিৰ্বাচনৰ ফলাফলত প্ৰদীপ শিৱনাৰায়নে ঔৰাংগাবাদ সমষ্টিৰ পৰা ৮৫,৪৫৯ ভোটত ডয়ী হৈছিল. ইয়াৰ বিপৰীতে ভেন্সিত বহুজন আঘাৰীৰ মহম্মদ জাভেদে লাভ কৰিছিল ১২,৬৩৯টা ভোট।

এনেদৰেই স্পষ্ট হয়, আলোচিত ভিডিওটো ঔৰগাবাদৰ নিৰ্বাচনী সমাৰোহৰহে, ধীৰেন্দ্ৰ শাসত্ৰীৰ একতা পদযাত্ৰাৰ নহয়।