বলিউড তাৰকা দীপিকা পাডুকনৰ এটা ভিডিও শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ধাবী কৰা হৈছে যে অভিনেত্ৰীগৰাকীয়ে ভিডিওটোত তেওঁৰ বিতৰ্কিত চলচ্চিত্ৰ পাঠানৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ বাবে আবেগবিহ্বল হৈ পৰিছে।ভিডিওটোৰ সৈতে কেপচনত লিখিছে:পাঠান চলচ্চিত্ৰৰ প্ৰতিবাদৰ বাবে অভিনেত্ৰী দীপিকা পাডুকন আবেগিক হৈ পৰিছে; মই পুৱা উঠিবলৈ ভয় কৰোঁ, মোৰ বাবে শুই উঠাটো বৰ কঠিন কাম- দীপিকা পাডুকন– মই অতিকৈ শংকিত যে মোৰ বাবে এতিয়া প্ৰতিটো দিনেই প্ৰত্য়াহ্বানপূৰ্ণ – দীপিকা পাডুকন @deepikapadukone #Pathan #PathanMovie
ওপৰৰ ভিডিও.টোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজমোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি ভিডিওটো পুৰণি বুলি নিশ্চিত কৰে।
আমি কী ব্ৰড বা মূল শব্দ প্ৰয়োগেৰে অনুসন্ধান কৰাত দ্য লাইভ লাভ লাফ ফাউণ্ডেচনে (The Live Love Laugh Foundation) ২০১৮ চনৰ ১০ অক্টোৱৰত একেটা ভিডিও আপলোড কৰা দেখিলো। দীপিকাই ইয়াত তেওঁৰ মানসিক স্থিতি আৰু জীৱন যাত্ৰা সন্দৰ্ভত মনৰ ভাব ব্যক্ত কৰিছে।
লাইভলাভলাইফ হ’ল দীপিকা পাডুকনে ২০১৫ চনত মানসিক স্বাস্থ্য আৰু ইয়াৰ সৈতে জড়িত আশংকা সন্দৰ্ভত সজাগতাৰ বাবে সৃষ্টি কৰা এটা অনুষ্ঠান।
সেয়ে, এয়া স্পষ্ট হ’ল যে শ্বেয়াৰ কৰা ভাইৰেল ভিডিওটোৰ সৈতে কৰা দাবী ভুৱা।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।