অন্ধকাৰে আৱৰা পৰিবেশত কেইবাজনো সসস্ত্ৰ লোকে ঘেৰি থকা এখন ফটো সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। দাবী কৰা হৈছে যে পাকিস্তানী পাইলটক ভাৰতীয় বায়ু সেনাৰ জোৱানে আটক কৰাৰ সময়ৰ ফটো এয়া। পাকিস্তান সেনাই জন্মুত ড্ৰোণ আৰু বোমা আক্ৰমণৰ সময়ত পাইলটজনক ধৰা পেলাই শত্ৰুৰ সকলো পৰিকল্পনা ব্যৰ্থ কৰা হৈছে।
ফেচবুক ব্যৱহাৰকাৰী এজনে ফটোখন প্ৰচাৰ কৰি কেপচনত লিখিছে: ভাৰতৰ মাটিত পাকিস্তান বায়ু সেনাৰ পাইলটক আটক কৰা প্ৰথমখন ফটো।
ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ফটোখন ৰিভাৰ্ছ ইমেজ চৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ২০১৬ৰ ১২ ডিচম্বৰৰ এটা বাতৰিৰ সৈতে ফটোখন সন্নিবিষ্ট কৰা দেখিলো। তাৰ শিৰোনামত আছিল: “দক্ষিণপূব তুৰস্কত দেশখনৰ এখন ফাইটাৰ জেট বিমান দুৰ্ঘটনাগ্ৰস্ত হয়, পাছত পাইলতজনক উদ্ধাৰ কৰা হয়। ”
দুয়োখন ফটো ৰিজাই চোৱাত দুয়োখনৰ মাজত সাদৃস্য দেখা গ’ল। ভাইৰেল ফটোখন ২০১৬ৰ বাতৰিৰ সৈতে সন্নিবিষ্ট ফটোখনকেই ক্ৰপ কৰি দিয়া হৈছিল।
বাতৰিটোত প্ৰকাশ কৰা অনুসৰি তুৰস্কৰ দক্ষিণপূবৰ চহৰ দিয়াৰ্বাকিৰৰ বিমান বন্দৰৰ সমীপত জেট বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছৰ পৰিবেশ কেখুওৱা হৈছে। F 16 –যুদ্ধ বিমানখন দিয়াৰ্বাকিৰৰ পৰা টেকঅফ কৰিছিল যদিও অলপ সময় পাছতে দুৰ্ঘটনাগ্ৰস্ত হয়. পাইলটজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
এই তথ্যই প্ৰমাণ কৰে পুৰণি ভিডিও এটাকেই ভুৱা ব্যাখ্যাৰে পাকিস্তানৰ পাইলটক ভাৰতৰ মাটিত আটক কৰা বুলি প্ৰচাৰ কৰা হৈছিল।