সত্যতা নিৰূপণ: ডুবাৰুৱে ৰাম সেঁতুৰ সন্ধান কৰা বুলি দাবী কৰা ভিডিওটো ডিজিটেল মাধ্যমেৰা সম্পাদনা কৰা

0 196

ৰাম সেঁতুৰ প্ৰাচীন মূৰ্তি আদিৰ সন্ধানত ডুবাৰুৱে অভিযান চলোৱা বুলি বহুতে দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে।   

ফেতবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছে: সাগৰৰ তলত শ্ৰীৰাম সেঁতু।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে  এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন কৰে।

একে ধৰণৰ শব্দ প্ৰয়োগ কৰি ইণ্টাৰনেটত অনুসন্ধান কৰাত নিউজ মোবাইলৰ  দলে ৰাম সেঁতুৰ তথ্যৰ বাবে সাগৰতলীত  অনুসন্ধান কৰা সন্দৰ্ভত কোনো বাতৰি বা তথ্য লাভ নকৰিলো। ইয়াৰোপৰি ভিডিওটোৰ কীফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি একেটা ভিডিও ২০২৫ৰ ২৭ মাৰ্চৰ আপলোড কৰা ইনষ্টেগ্ৰাম পোষ্টত দেখা পালো। ভিডিওটোৰ কেপচনত লিখা অনুসৰি এয়া  AIৰ দ্বাৰা সম্পাদিত।

 

View this post on Instagram

 

A post shared by Bharath FX (@bharathfx1)

ইনষ্টাগ্ৰামৰ প্ৰফাইলে ইংগিত দিয়ে যে  এই একাউণ্টটো কোনোবা 3D কম্পিউটাৰ গ্ৰাফিকছ,  VFX ফিল্ম আৰু এনিমেছন বিশেষজ্ঞ ডিজিটেল ক্ৰিয়েটৰৰ। উল্লেখনীয় যে এই প্ৰফাইলটোত AIৰ দ্বাৰা সম্পাদিত কেইবাটাও ভিডিও আপলোড কৰা হৈছে।

ভিডুৱেলৰ প্ৰকৃত সত্য উদঘাটনৰ বাবে  আমি AI নিৰ্ণায়ক সজুলি  Hive Moderationৰ সহায় ললো আৰু জানিব পাৰিলো যে ভিডিওটো AIৰ দ্বাৰা সম্পাদিত। 

এনেদৰেই এয়া স্পষ্ট হয়, যে কোনো ডুবাৰুৱে সাগৰতলীত ৰাম সেঁতুৰ তথ্যৰ বাবে অভিযান চলোৱা নাই। প্ৰকৃততে ভিডিওটো AIৰ দ্বাৰা সম্পাদিতহে।