ট্ৰেফিক ছিগনেল গলি উৱলি যোৱা ফটো এখন সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে এয়া অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াত প্ৰচণ্ড গৰমত গলি যোৱা ট্ৰেফিক ছিগনেলৰ ফটো।
পোষ্টটোত আছে : আজি প্ৰচণ্ড গৰমৰ বাবে বিজয়াৱাড়াৰ ট্ৰেফিক ছিগনেল গলি গৈছে।
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমি ২০২২ৰ ৩১ আগষ্টত প্ৰকাশিত এটা টুইট ত এই ভাইৰেল ফটোখন দেখিলো।
একেখন ফটোকেই আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ২০২২ৰ ১৮ আগষ্টত শ্বেয়াৰ কৰিছিল। টুইটটোত গ্ৰীচৰ এথেনচৰ পেটিছন ষ্ট্ৰীট বুলি উল্লেখ আছিল।
আমি ২০২৩ৰ ১০ জুনৰ এটা ফেচবুক পোষ্ট লাভ কৰিলো, তাত ব্যৱহাৰকাৰীয়ে এই ফটোখন টেক্সাছৰ বুলি প্ৰকাশ কৰিছে। আন এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে একেখন ফটো ২০২৩ৰ ৮ জুনত প্ৰচাৰ কৰি এই ফটোখৱ ভেগাছৰ বুলি দাবী কৰিছে।
নিউজমোবাইলে মূল ফটোখনৰ গুৰি উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল যদিও ফটোখন ২০২২ চনৰ আগষ্টৰ পৰাই যে ইণ্টাৰনেটত প্ৰচাৰ হৈ আছে সেয়া নিশ্চিত হ’ল।
আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক