চেম্পে, কফি আৰু টুথপেষ্টৰ মিশ্ৰণে ছাল সুন্দৰ কৰি তোলে বুলি দাবী কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে চেম্পে, কফি আৰু টুথপেষ্টৰ মিশ্ৰণৰ পেষ্ট এবাৰ ঘঁহিলেই ছালখন চন্দ্ৰৰ দৰে মসৃণ আৰু সুন্দৰ হৈ পৰিব।
একে ধৰণৰ দাবী ইয়াত আৰু ইয়াত (আৰ্কাইভ লিংক) আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।
ছাল বগা কৰাত কফিয়ে সহায় কৰে নেকি?
ছালৰ যতনৰ ক্ষেত্ৰত কফি অতিশয় ফলপ্ৰসু উপাদান বুলি প্ৰচাৰ কৰা হয়। ইয়াত থকা এণ্টি অক্সিডেণ্টৰ বাবেই ছালক সকলো পিনৰ পৰাই সুৰক্ষা দিয়াৰ লগতে ছালখনৰ সম্পূৰ্ণ পৰিচৰ্যাতো সহায়ক হয় বলিও প্ৰায়েই কোৱা শুনা যায়। ইয়াত কাপেইন আৰু ক্লৰোজেনিক এছিড (CGA) থকা বাবে ছালৰ পোৰণি বা তেজৰ চলাচল নিয়মীয়া কৰে। লগতে ছালৰ উদ্বলতাও বঢ়ায়। অৱশ্যে ছালৰ ৰং বগা কৰা বুলিব পৰাকৈ তেনে কোনো উপাদান কফিত নাই। ইয়াৰ ফলত ছালৰ ওপৰ ভাগ exfoliation বা তৰপে তৰপে এৰাই যায় যাৰ ফলত মৰা ছালবোৰ সাধাৰণভাবেই এৰাই যায়।
কফিৰ দ্বাৰা ছালৰ উন্নয়ন সাধন কৰে যদিও বৈজ্ঞানিক প্ৰমাণৰ অভাবৰ বাবেই ছালৰ ৰং বগা হোৱাৰ ক্ষেত্ৰত সত্যতা সন্দেহৰ ঊৰ্ধত নহয়। ছালৰ সুস্থতাৰ বাবে ছালৰ উপযুক্ত পৰিচৰ্যাৰ লগতে সূৰ্যৰ ৰ’দৰ পৰা ছালক ৰক্ষা কৰাটোও অতি গুৰুত্বপূৰ্ণ।
ছালত চেম্পো ঘঁহাটো ভালনে?
চৰ্মৰোগ বিশেষজ্ঞ ডাঃ ডি দীনেশ কুমাৰৰ মতে ছালত চেম্পো লগোৱাটো উচিত নহয়, কাৰণ চেম্পো মূৰত ঘঁহাৰ বাবে নিৰ্দিষ্ট উপাদানেৰে প্ৰস্তুত কৰা হয়। চুলিৰ পৰা ধূলি-বালি আদি আৰু তেল ধুই নিয়াৰ বাবে চেম্পোত ছলফেটৰ দৰে দ্ৰব্য মিহলোৱা হয়। ইয়াক ছালত লগালে প্ৰাকৃতিক ভাবে ছালত সৃষ্টি হোৱা তৈল পদাৰ্থ ধুই নিয়াৰ লগতে ছালৰ শুষ্কতা বৃদ্ধি পায়, লগতে ছালৰ ক্ষতি সাধনো হয়। ইয়াৰোপৰি চেম্পোৰ pH ৰ মাত্ৰা চুলিৰ বাবে আৱশ্যক অনুযায়ীহে সন্নিবিষ্ট কৰা হয়, সেয়ে ছালত লগালে ইয়াৰ পৰা ক্ষতি হোৱাহৰে সম্ভাবনা অধিক।
টুথপেষ্টে ছাল মলৃণ বা ধুনীয়া কৰিব পাৰেনে?
ডাঃ দীনেশে ব্যাখ্যা কৰে, “দাঁতত লাগি থকা দাগ, খাদ্য বস্তু আদি আঁতৰাই দাঁত পৰিষ্কাৰ কৰাৰ বাবে টুথপেষ্ট ব্যৱহাৰ কৰা হয়। ইয়াত কেলচিয়ামৰ দৰে উপাদান থাকে বাবে ইয়াৰ দ্বাৰা দাঁত বগা কৰাৰ লগতে দাঁত শক্তিশালী কৰে। কিন্তু ছালৰ বাবে এনে উপাদান ব্যৱহাৰ কৰিলে হিতে বিপৰীত ফল দিব পাৰে, কাৰণ, টুথপেষ্টত থকা উপাদানসমূহ ছালত ঘঁহিলে ছালে সেয়া সহ্য কৰিব নোৱাৰিবও পাৰে।
ছালত টুথপেষ্ট ব্যৱহাৰ কৰিলে ছালৰ পোৰণি হোৱাৰ লগতে বিকাশ বাধাগ্ৰস্ত হোৱাৰ সম্ভাবনা আছে, কাৰণ এনে কৰিলে ছালত থকা স্বাভাৱিকভাবে ৰোগ প্ৰতিৰোধ ক্ষমতা হেৰুৱাব পাৰে। চৰ্মৰোগ বিশেষজ্ঞসকলে ছালত টুথপেষ্ট ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিছে। কাৰণ ইয়াৰ দ্বাৰা ছালে স্বাভাৱিকভাবে থকা ৰোগ প্ৰতিৰোধী ক্ষমতা হেৰুৱাব পাৰে । ইয়াৰ উপৰিও ছালৰ শুষ্কতা বৃদ্ধি পোৱা, খজুৱতিকে ধৰি নানা সমস্য়াৰ সৃষ্টি হ’ব পাৰে। সেয়ে কেৱল ছালৰ বাবে প্ৰস্তুত কৰা উপাদানহে ছালত প্ৰয়োগ কৰা উচিত।
সামৰণিত ডাঃ দীনেশে কয় যে এই মিশ্ৰণে ছালৰ বিভিন্ন ধৰণৰ সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত ছাল ক’লা পৰাৰো সম্ভাবনীয়তা আছে। ছালৰ পৰিচৰ্য়াৰ কাৰণে কোনো ‘মেজিক উপাদান’ নাই।
এনেদৰেই প্ৰমাণ হয় যে চেম্পো, কফি আৰু টুথপেষ্টৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা উপাদানে ছাল মিহি আৰু উজ্ৱল কৰে বুলি কৰা দাবী ভুৱা।