তুৰস্কত শেহতীয়াকৈ ৩০হাজাৰৰো অধিক লোকৰ প্ৰাণনাশ হোৱা প্ৰয়ংকাৰী ভূমিকম্পৰ পাছত সামাজিক মাধ্যমত সম্প্ৰতি এটা বিশেষ ভিডিও ভাইৰেল হৈছে। কঁপি থকা এখন গাড়ীৰ পৰা লোৱা এই ভিডিওটোত তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ সময়ত লোৱা বুলি দাবী কৰা হৈছে।
ইয়াৰ কেপচনত লিখা আছে- “তুৰস্কত এখন গাড়ীৰ ভিতৰৰ পৰা লোৱা ভিডিও।”
ওপৰৰ পোষ্টটো ইয়াত চাব পাৰিব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোৰ সৈতে তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ ঘটনাটো মিছাকৈ সংলগ্ন কৰা হৈছে বুলি প্ৰতিপন্ন হয়।
আমি ইনভিড টুলৰ সহায়ত ভিডিওটোৰ কী প্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি এটা অনিৰ্দিষ্ট ৱেবছাইটত একেটা ভিডিও দেখা পালো। পাৰ্ছী ভাষাত লিখা কেপচনত উল্লেখ আছে- এই ভিডিওটো জাপানত ৰিখটাৰ স্কেলত ৯.২ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হোলাৰ সময়ত সংগ্ৰহ কৰা হৈছিল।
এই তথ্যৰ ভিত্তিত আমি ৰিভাৰ্ছ ইমেজ চাৰ্ছত মূল শব্দ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত ২০২২ৰ ১২ মে’ত প্ৰকাশিত বাতৰিত এই ভিডিওটো দেখা পালো। হিব্ৰু ভাযাৰ এই বাতৰিটোত উল্লেখ আছে যে জাপানৰ ভূমিকম্পৰ সময়ত এই ভিডিওটো লোৱা হৈছে।
আমি পাছত ২০১৯ৰ ১৯ ফেব্ৰুৱাৰীত এটা ইউটিউব চেনেলত প্ৰচাৰ কৰা একেটা ভিডিও দেখা পালো। ভিডিওটোৰ ফ্ৰেমত ৰেকৰ্ড কৰা তাৰিখ স্পষ্টকৈ দেখা গৈছিল আৰু জানিবলৈ পোৱা যায় য়ে এই বিডিওটো ২০১১তেই গ্ৰহণ কৰা।
ওপৰৰ তথ্যই প্ৰমাণ কৰে, এই ভিডিওটো পুৰণি আৰু ইয়াৰ সৈতে তুৰস্কত যোৱা ৬ফেব্ৰুৱাৰী ২০২৩ত সংঘটিত হোৱা ভূমিকম্পৰ ঘটনাৰ কোনো সম্পৰ্ক নাই।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।