ভাৰতৰ ত্ৰিৰংগ পতাকা লৈ এটা বৃহৎ সমদলৰ ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই সমদলটো অপাৰেচন সিন্দুৰৰ পাচত বেলুচিস্তানৰ নাগৰিকে উলিওৱা সমদল।
বঙালী ভাষাত লিখা কেপচনত আছে: চাওক, বেলুচিস্তানত আজি ভাৰতীয় পতাকা লৈ ভাৰতৰ বিজয়ৰ পাছত ত্রিৰংগ যাত্রা ইলিওৱা হৈছে ।
ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কীফ্ৰেমৰ ফটো InVid verification toolৰ সহায়ত অনুসন্ধান কৰাত নিউজ মোবাইলৰ দলে একেটা ভিডিও ২৩ এপ্ৰিল ২০২৫ত, পেহেলগাম আক্ৰমণৰ এদিন পাছত প্ৰচাৰিত এটা ফেচবুক পোষ্টত একেটা ভিডিও দেখা পালে।
ফেচবুক পোষ্টত উল্লেখ কৰা অনুসৰি এই সমদলটো শ্ৰীনগৰৰ লাল চ’কৰ।
অধিক অনুসন্ধান কৰাত আমি ৩০ জানুবাৰী ২০২৫ত প্ৰচাৰিত বাতৰি, একে ধৰণৰ বহুকেইটা ভিডিও দেখা পালো। এই ভিডিওবোৰ হ’ল বিজেপিৰ ছাত্ৰ সংগঠন ABVP-এ শ্ৰীনগৰৰ লালচ’কত উলিওৱা তিৰংগা যাত্ৰাৰ ভিডিও। ভাইৰেল ভিডিওটোও এই যাত্ৰাৰ সময়ৰেই বুলি স্পষ্ট হয়। (এই সন্দৰ্ভত প্ৰকাশিত বাতৰিবোৰ ইয়াত, ইয়াত আৰু ইয়াত পাব)
শেষত ক’ব পাৰি, জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত উলিওৱা এটা সমদলৰ ভিডিওকেই ‘বেলুচিস্তানৰ তিৰংগা ৰেলী’ৰ ভিডিও বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে।