সত্যতা নিৰূপণ: ছোফিয়া কুৰেছীৰ সৈতে বৈভৱ সূৰ্যবংশীয়ে তোলা সম্পাদিত ফটোখন দেখি সঁচা বুলি নাভাবিব

0 231

২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ প্ৰতিশধ হিচাপে ভাৰতীয় সামৰিক বাহিনীয়ে পাকিস্তানৰ ভূমিত চলোৱা অপাৰেচন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদীৰ শিবিৰ ধ্বংস কৰাৰ পাছত এই আক্ৰমণৰ অন্যতম হোতা কৰ্ণেল ছোফিয়া কুৰেছীৰ নাম প্ৰতিটো ঘৰৰ চিনাকি নাম হৈ পৰিল।   

সেয়ে ছোফিয়া কুৰেছীৰ সৈতে উদীয়মান ক্ৰিকেটাৰ বৈষ্ণব সূৰ্যবংশীৰ এখন ফটো সামাজিক মাধ্যমত ভইৰেল হোৱাটো আটৰিত কথা নহয়।

ৱৰ্ল্ড এডিটৰ জিৰোৱে প্ৰচাৰ কৰা এটা  ফেচবুক পোষ্ট ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখিছে – ছোফিয়া কুৰেছীৰ সৈতে বৈষ্ণব সূৰ্যবংশী। এই পোষ্টটোৱে  225K লাইক লাভ কৰিছে।

মো জেদ নামৰ এজনেও একেধৰণৰ এটা ফেচবুক পোষ্ট  শ্বেয়াৰ কৰি লিখিছে-  ছোফিয়া কুৰেছীৰ সৈতে বৈষ্ণব সূৰ্যবংশী। এই পোষ্টটোৱে  18K লাইক লাভ কৰিছে।

ফেচবুকৰ অধিক ভাইৰেল পোষ্ট ইয়াত আৰু  ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই ফটোবোৰ ডিজিটেল মাধ্যমেৰে সজোৱা বুলি প্ৰতিপন্ন হয়।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ঠত দিয়াত ছোফিয়া কুৰেছীৰ সৈতে বৈষ্ণব সূৰ্যবংশীয়ে ফটো তোলা সন্দৰ্ভৰ কোনো নিৰ্ভৰযোগ্য বাতৰি লাভ কৰা নগল।  ছোফিয়া কুৰেছী বা  বৈষ্ণব সূৰ্যবংশীয়ে তেওঁলোকৰ সামাজিক মাধ্যমৰ একাউণ্টতো তেনে কোনো ফটো শ্বেয়াৰ কৰা নাই।

অৱশ্যে ৰিভাৰ্ছ ইমেজ চাৰ্ছে একে ধৰণৰ আন এখন ফটো দেখুৱালে যত বৈষ্ণব সূৰ্যবংশীক প্ৰাক্তন ক্ৰিকেটাৰ ৱাছিম জাফাৰৰ সৈতে দেখা গৈছে। ফটোখন যোৱা বছৰ মাৰ্চত তোলা বুলি জানিব পৰা গৈছে।

কিশোৰ ক্ৰিকেটাৰজনে তেওঁৰ ইনষ্টাগ্ৰাম পেজত ফটোখন শ্বেয়াৰ কৰিছিল।

নিউজ মোবাইলৰ দলে সেয়ে স্পষ্টকৈ প্ৰকাশ কৰিৱ পাৰে যে ফটোখন ডিজিটেল মাধ্যমৰ দ্বাৰা সজোৱা।