সত্যতা নিৰূপণ : চৰকাৰে ‘বিনামূলীয়া চাইকেল আঁচনি’ৰ অন্তৰ্গত বিনামূলীয়া ইলেক্ট্ৰিক চাইকেল দিয়া নাই

0 285

 সমাজ মাধ্যমত সেহতীয়াকৈ এটা ভিডিও ভাইৰেল হৈছে, দাবী কৰা হৈছে যে ‘বিনামূলীয়া চাইকেল বিতৰণ আচঁনি’ৰ অন্তৰ্গত বিনামূলীয়া ইলেক্ট্ৰিক বাইচকেল বিতৰণ কৰা হৈছে আৰু ইয়াৰ বাবে আবেদনকাৰীয়ে yippyblog’ নামৰ এটা ৱেবচাইটৰ জৰিয়তে আবেদন কৰিব লাগিব।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

গুগলত মূল শব্দ বা কীৱৰ্ড দি অনুসন্ধান কৰাত ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া ইলেক্ট্ৰিক চাইকেল বিতৰণৰ সন্দৰ্ভত কোনো আঁচনিৰ কথা ঘোষণা কৰাৰ বিষয়ে কোনো বিশ্বাসযোগ্য খবৰ পোৱা গৈন। শেহতীয়াকৈ এনে কোনো ঘোষণাও কৰা হোৱা নাই।

আমি চৰকাৰী ৰ্টেল মাই স্কীমপৰীক্ষা কৰিলোঁ আৰু নিশ্চিত লোঁ যে প্ৰেছ ইনফৰ্মেচন ব্যুৰ’(PIB) ৰ তৰফৰ পৰা কোনো আঁচনি বা জাননী জাৰি কৰা নাই। 

ইয়াৰোপৰি আমিyippyblogনামৰ ৱেবচাইটটো নিৰীক্ষা কৰি চোৱাত দেখা যে এই ছাইটত বিভ্ৰান্তি সৃষ্টিকাৰী আৰু ক্লিকবেইট ধৰণৰ বিষয়বস্তু থাকে। ক’ভাৰ ছবিত ফ্ৰী মোবাইল স্কীমআৰু Free Bike/Cycle Scheme” লিখা দেখা যায়, কিন্তু প্ৰবন্ধটো নিজে একেবাৰে অপ্রাসংগিক বীমা আৰু ঋণ সম্পৰ্কীয় তথ্যলৈ পঠিয়াই দিয়ে। ব্যৱহাৰকাৰীক বিভ্ৰান্ত কৰাৰ ই এটা সাধাৰণ কৌশল।

অতএব, ‘বিনামূলীয়া ইলেক্ৰিক চাইকেল বিতৰণ আঁচনি ২০২৫নামৰ কোনো আঁচনিৰ জৰিয়তে বিনামূলীয়া ইলেক্ট্ৰিক চাইকেল বিতৰণ কৰা হৈছে বুলি কৰা দাবী সম্পূৰ্ণ ভুৱা। 

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799