সত্যতা নিৰূপণ: চীনৰ ভিতৰুৱা অঞ্চলৰ এখন গাঁৱক অৰুণাচল প্ৰদেশৰ গাওঁ বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে।

0 97

কেইগৰাকীমান মানুহে এখন ওখ জখলাৰে এটা সুউচ্চ টিলালৈ বুলি পিঠিত কেঁচুৱা লৈ বগাই থকাৰ এটা ভিডিও সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে। দাবী কৰা হৈছে য়ে এই দৃশ্য অৰুণাচল প্ৰদেশৰ।

ভিডিওটোৰ সৈতে কেপচনত লিখা আছে- हमें अपने यहाँ बस, ट्रेन सुविधा की शिकायत रहती है. ये अरुणाचल का एक छोटा सा गांव है. यहां जिंदगी की रोज की चुनौती भी देख लें” (English translation: We keep complaining about bus and train facilities at our place. This is a small village in Arunachal. See the daily challenge of life here)

Here’s the link to the above post

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো উলিয়াই ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ইটালিৰ নাগৰিক এজনে  ২০২০ৰ ২৪ এপ্ৰিলত শ্বেয়াৰ কৰা চীনা ভাষাত কেপচন থকা এটা ভিডিও পালো। কেপচনত আছে-দালিয়াং পৰ্বতৰ এই ভিডিওটো ইটালিৰ এজন লোকে শ্বেয়াৰ কৰিছে। বিদেশীজনে মোক সুধিছিল, এয়া সত্য নেকি বুলি, চীনে বাহিৰৰ দেশক ইমান টকা কিয় দান কৰে বুলিও তেওঁ মোক সুধিছিল। মই কোনো উত্তৰ দিব নোৱাৰিলো, মৌন হৈ থাকিলো।” 

২০২০ৰ এটা  ফেচবুক পোষ্টটো এই ভাইৰেল ভিডিওটো প্ৰচাৰ কৰা হৈছিল। ভিডিওটোত এই ঠাইখন চীনৰ ছিচুৱান অঞ্চলৰ আটুলিয়াৰাৰ পাৰ্বত্য নগৰী বুলি চিহ্নিত কৰা হৈছে। আন একাংশই ২০২০ত একেটা ভিডিও পোষ্ট কৰি চীনৰ পাণ্ডব বৰ্জিত অঞ্চলটোৰ অধিবাসী লোকসকলৰ জীৱনন ধাৰণৰ সংগ্ৰামৰ ছবি বুলি প্ৰচাৰ কৰিছিল।    

২০১৯ৰ ৫ জুলাইত চীনা প্ৰশাসনে চলোৱা সংবাদ প্ৰতিষ্ঠান চাইনা জিনহুৱা নিউজৰ ফেচবুকপেজত প্ৰচাৰিত আন এটা ভিডিওতো এই ভাইৰেল ভিডিওৰ কিছু দৃশ্য সন্নিবিষ্ট কৰিছিল। ভিডিওটোৰ কেপচনত আছিল- চীনৰ পাৰ্বত্য গাওঁ ছিচুৱানৰ লোক সকলে বছৰ বছৰ ধৰি এনেদৰে বগুৱা বাই অহা যোৱা কৰিবলগীয়া হৈছে। সম্প্ৰতি ৮০০ মিটাৰ উচ্চতাৰ এই টিলাটো বগাবলৈ কিছু সকাহ হৈছে, ইয়াৰ মূল কাৰণ হল বগুৱা বাবলৈ সজোৱা এই জখলাডাল।”  ২০২০ত চাইনা প্লাছত পোষ্ট কৰা বিডিওটোট ভাইৰেল ভিডিওটোত থকা খটখটীটোৰ উপৰিও আন কেতবোৰ টিলা আছে, যলৈ হাতেৰে বগুৱা বাইহে উঠিবলগীয়া হয়। চীনৰ ছিচুৱান প্ৰদেশৰ আটলিয়াৰাৰ গাঁৱৰ শাবয়ত্ব শাসিত অঋ্চলটোৰ কথাও পোষ্টটোত উল্লেখ কৰা হৈছে।   

২০১৬চ ২৬ অক্টোৱৰত চিএনএ নিউজৰ বাতৰি এটাতো ষ্টীলৰ এই জখলাডালেই পাৰ্বত্য অঞ্চলটোৰ লোকসকলৰ সৈতে বহিঃ ৰাজ্যৰ সম্পৰ্কৰ মূল দুৱাৰ বুলি উল্লেখ কৰা হৈছে। বাতৰিটোত প্ৰকাশ পোৱা মতে গাঁওবাসীসকলে এখ মিলিয়ন য়ান (১৪৭৯২৮ ডলাৰ) খৰছ কৰি ২০১৬ চনত এই জখলাডাল তাত স্থাপন কৰিছিল। এই কাৰ্য কৰোৱা হৈছিল চৰকাৰী ভাবে চলোৱা সংবাদ প্ৰতিষ্ঠান বেইজিং নিউজত প্ৰচাৰিত এটা বাতৰিৰ পাছত। বাতৰিটোত ১৫টি স্কুলীয়া শিক্ষাৰ্থীয়ে গছৰ শিপাৰে সোলোক ঢোলোক কৈ সজোৱা এডাল জখলা বগাই স্কুললৈ যোৱা এখন ফটো প্ৰচাৰ কৰা হৈছিল। উল্লেখ্য এই শিশুসকলৰ ভিতৰত ৬ বছৰীয়া শিশুও আছিল। ইয়াৰ পাছতেই জনসম্পৰ্কৰ পৰা বিচ্ছিন্ন হৈ থকা জনগোষ্ঠীটোক অনলাইন যোগে সকলোৱে চিনি পোৱা হৈছিল।      

এনেদৰেই এয়া স্পষ্ট হল যে চীনৰ এখন ভিতৰুৱা গাঁৱৰ বিডিওকেই অৰুণাচল প্ৰদেশৰ ভিডিও বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।