সত্যতা নিৰূপণ:   চিকিৎসক এজনে এগৰাকী মহিলাক দুৰ্ব্যৱহাৰ কৰি থকা ভিডিওটো শেহতীয়া ঘটনা নহয়

0 25

চিকিৎসক এজনে এগৰাকী মহিলাৰ ওপৰত যৌন উৎপীড়ণ চলোৱা উদ্বেগজনক ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোৰ সৈতে চিকিৎসকজনক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন হৈছে। লগতে এই ঘটনা শেহতীয়াকৈ সংঘটিত হোৱা বুলিও দাবী কৰা হৈছে।

ওপৰৰ  পোষ্ট (আৰ্কাইভ)টোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি একেটা ভিডিও২০২২ৰ অক্টোবৰৰ এটা  ইউটিউবত দেখা পালো। বাতৰিত প্ৰকাশ পোৱা অনুসৰি এগৰাকী মহিলাই জ্বৰৰ চিকিৎসাৰ বাবে গোণ্ডা জিলাৰ খড়গপুৰৰ বিষ্ণু মাৰ্কেটৰ এজন চিকিৎসকৰ ওচৰলৈ গৈছিল।   

অভিযুক্ত, চিকিৎসকজন আজমল শ্বেইখ, তেওঁৰ এখন ব্যক্তিগত ক্লিনিক আছে।  ২০২২ৰ ২৫ অক্টোবৰৰ দিনা চিকিৎসা প্ৰদানৰ ভাও জুৰি তেওঁ মহিলাগৰাকীক যৌন উত্তেজক বেজী প্ৰদান কৰি মহিলাগৰাকীৰ ওপৰত উৎপীড়ণ চলায়। তেওঁ ঘটনাটো ৰেকৰ্ড কৰি পাছত অন লাইন যোগে ভাইৰেলো কৰিছিল।

ভিডিওটো ৱাইৰেল হোৱাৰ পাছত মহিলাগৰাকীৰ স্বামীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। ২০২২ৰ ২৭ অক্টোবৰৰ দিনা আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে। তেওঁৰ চেম্বাৰৰ পৰা যৌন উত্তেজক দ্ৰব্যও জব্দ কৰা হয়। সেই সময়ৰ CO  লক্ষ্মীকান্ত গৌতমে এটা ভিডিওৰ জৰিয়তে গ্ৰেপ্তাৰ হোৱাৰ কথাটো প্ৰকাশ কৰিছিল।

এনেদৰেই প্ৰমাণ হয়, ২০২২ চনৰ ভিডিও এটাকেই শেহতীয়া ঘটনাৰ ভিডিও বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799