সত্যতা নিৰূপণ : খেশাৰী লাল যাদৱৰ ঘৰ ভাঙি পেলোৱা বুলি প্ৰচাৰিত ভিডিওটো AI-দ্বাৰা সম্পাদনা কৰা

0 310

বিহাৰৰ ২০২৫ৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA-এ ২৪৩ আসনৰ ভিতৰত ২০২টা আসন অৰ্জন কৰি বিশাল জয় লাভ কৰাৰ পিছত, সমাজমাধ্যমত এটা ভিডিও ভাইৰেল হৈছে। পোষ্টটোত কোৱা হৈছে যে চৰকাৰে বিহাৰৰ ছাপৰা সমষ্টিৰ আৰজেডি প্ৰাৰ্থী আৰু ভোজপুৰী অভিনেতা খেশাৰী লাল যাদৱৰ বেআইনী ভাবে নিৰ্মাণ কৰা ঘৰ ভাঙিবলৈ আৰম্ভ কৰিছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন কৰা হয়।

ভিডিঅ’টোৰ কি-ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ জৰিয়তে পৰীক্ষা কৰাত নিউজ মোবাইলৰ দলে খেশাৰী লাল যাদৱৰ ঘৰ ভাঙি পেলোৱাৰ বিষয়ে কোনো বিশ্বাসযোগ্য মূলসূতিৰ বা স্থানীয় সংবাদ মাধ্যমৰ বাতৰি পোৱা নাই।

তাৰ বিপৰীতে, ৬ নৱেম্বৰ, ২০২৫-ত প্ৰকাশিত এনডিটিভি-ৰ এটা বাতৰি পোৱা গৈছিল, য’ত কোৱা হৈছে যে মীৰা-ভাইন্দাৰ পৌৰ নিগমে (MBMC) খেশাৰী লাল যাদৱক মীৰা ৰোডত থকা তেওঁৰ মাটিত বেআইনী নির্মাণৰ বাবে জাননী জাৰি কৰিছিল। বাতৰিটোত প্ৰকাশ পোৱা অনুসৰি, নোটিছত লোহাৰ এংগেল আৰু টিনৰ ছাদ অনুমতি নোলোৱাকৈ সংস্থাপন কৰাৰ কথা উল্লেখ কৰা হৈছিল। নিগমে এই সকলো বস্তু আঁতৰাবলৈ নিৰ্দেশ দিয়ে, ইয়াৰ অন্যথা বিভাগীয় ভাবে, পৌৰ নগমৰ নিয়ম অনুসৰি ব্যবস্থা ল’ব বুলি কয়। MBMC-ৰ এগৰাকী বিষয়া কয় যে, এই ব্যৱস্থা স্বেচ্ছাই নকৰিলে মালিকৰ খৰচত উচ্ছেদ চলাব লাগিব।

স্থানীয় লোকৰ মতে, পৰিয়ালটোৱে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিহাৰলৈ গৈছিল বাবে ঘৰটো কেইসপ্তাহ মান ধৰি বন্ধ অৱস্থাত আছে।

ভাইৰেল ভিডিওটো বহুবাৰ পৰ্যালোচনা কৰাৰ পাছত কেইবাটাও সন্দেহজনক দিশ দেখাপোৱা গৈছিল। ভিডিওটোৰ ওপৰত Pixelverse AI-ৰ ৱাটাৰমাৰ্ক দেখা যায়—এইটো টেক্সট প্ৰাম্পটৰ জৰিয়তে ভিডিও সৃষ্টি কৰা এবিধ AI সজুলি। লগতে ভিডিঅ’টোৰ কেইবাটাও দৃশ্য অত্যন্ত অস্বাভাৱিক—জেচিবিয়ে এবাৰ খুন্দা মাৰি দিয়া মাত্র ঘৰটোৰ ডাঙৰ ডাঙৰ দেৱাল অস্বাভাৱিকভাৱে ভাঙি পৰে আৰু ধ্বংসাবশেষ অতি নাটকীয়ভাৱে পৰি থাকে। এনে দৃশ্য বাস্তৱ উচ্ছেদৰ সময়ত দেখা নাযায়। লগতে Hive Moderation নামৰ AI-নিৰ্ণায়ক সজুলিটোৱেও ভিডিওটো ডিজিটেলভাৱে সম্পাদিত বুলি নিশ্চিত কৰিছে।

এনেদৰেই স্পষ্ট হয় যে খেশাৰী লালৰ ঘৰত উচ্ছেদ চলোৱা বুলি দাবী কৰা ভিডিওটো AIৰ দ্বাৰা সম্পাদিত।

If you want to fact-check any story, WhatsApp it now on ‪+91 11 7127 9799‬