মালিকাৰ্জুন খাৰ্গে, ছোনীয়া গান্ধী, ৰাহুল গান্ধীসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা সকলক মঞ্চত একেলগে দেখা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভিডিওটোত ছোনীয়া আৰু ৰাহুল গান্ধীক মঞ্চলৈ উঠি গৈ বহা দেখা গৈছে যদিও খাৰ্গেক থিয় হৈ থকাই দেখা গৈছে। বহু ব্যৱহাৰকাৰীয়ে ঠাট্টাৰ সুৰত প্ৰচাৰ কৰিছে যে কংগ্ৰেছৰ মুৰব্বীজনক গান্ধীপৰিয়ালে অনুমতি নিদিয়ালৈ থিয় হৈ থাকিবলৈ বাধ্য কৰোৱা হৈছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে: যেতিয়ালৈ বহিবলৈ কোৱা নহয়, ভদ্ৰ মানুহৰ দৰে থিয় হৈ থাকা… #rahulgandhi #soniyagandhi #inc #congress
ফোষ্টটো ইয়াত চাব পাৰিব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কীফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি এটা ইউটিউব লাইভ ভিডিও দেখিলো, তাৰ শিৰোনাম আছিল: LIVE: যৌথ মেগা ৰেলী | হুবলী, কৰ্ণাটক |, এইভিডিওটো ২০২৩ৰ ৬ মে’ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইউটিউব চেনেলত লাইভ কৰা হৈছিল। ইয়াৰ বিৱৰণি অনুসৰি ১০ মে’ৰ কৰ্ণাটক বিধানসমভাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ সংসদীয় পৰিষদৰ অধ্যক্ষা ছোনীয়া গান্ধী, কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীকে ধৰি বহুকেইগৰাকী নেতাৰ উপস্থিতিত কৰ্ণাটকৰ হুবলীত এখন যৌথ মেগাৰেলী অনুষ্ঠিত হৈছিল।
ভাইৰেল ভিডিওটোৰ ঠিক ২২.২৯ত আৰম্ভ হোৱা কী ফ্ৰেমটোত গান্ধী মাতৃ-পুত্ৰ আৰু আন নেতাসকল মঞ্চলৈ উঠি আহি আসন গ্ৰহণ কৰাৰ সময়ত খাৰ্গেক থিয় হৈ থকা দেখা গৈছে। কিন্তু সম্পূৰ্ণ ভিডিওটো চোৱাৰ পাছত দেখা গল সকলো অভ্যাগতই আসন গ্ৰহণ কৰাৰ পাছত খাৰ্গেই ভাষণ দিয়াৰ উদ্দেশ্যৰে পোডিয়ামলৈ যোৱাৰ বাবে থিয় হৈছিল। ভাষণ দিয়াৰ বাবে খাৰ্গেৰ নাম উচ্চাৰণ কৰাৰ লগে লগে মঞ্চত বহি থকা প্ৰতিগৰাকী নেতাই তেওঁক উত্সাহিত কৰাৰ বাবে থিয় হৈছিল।
আৰু অধিক অনুসন্ধান কৰাত আমি একে দিনাই প্ৰচাৰ হোৱা এটা ব্ৰডকাষ্ট টুইট ত সেইদিনাৰ অনুষ্ঠানটোৰ ভিডিও দেখা পালো। ইয়াতো, ঠিক ১২.০০ সময় চিহ্নত খাৰ্গেক ভাষণ দিবলৈ পোডিয়ামলৈ উঠি যোবা দেখা গৈছে। ইয়েই প্ৰমাণ কৰে যে ভাইৰেল বিডিওটো কংগ্ৰেছক ঠাট্টা কৰাৰ বাবেই সম্পাদনা কৰি প্ৰচাৰ কৰা হৈছিল।
শেষত, এই তথ্যসমূহৰ ভিত্তিত কব পাৰি যে ভাইৰেল পোষ্টটোত দাবী কৰাৰ দৰে কংগ্ৰেছ সভাপতি খাৰ্গেই বহাৰ বাবে ছোনীয়া গান্ধীৰ অনুমতিৰ বাবে অপেক্ষা কৰা কথাটো মিছা, ভিত্তিহীন।
আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে +91 11 7127 9799– এই নম্বৰত হোৱাটচএপ কৰক