সত্যতা নিৰূপণ: কৰ্ণাটকৰ এগৰাকী নেতাই মঞ্চতে এগৰাকী মহিলাক দুৰ্বযৱহাৰ কৰিছিল নেকি? সত্য জানিবলৈ পঢ়ক

0 1,067

এজন ৰাজনীতিকে মঞ্চত কংগ্ৰেছ দলৰ সদস্য হোৱা এগৰাকী মহিলাক জোৰকৈ কৰমৰ্দন কৰা আৰু মঞ্চৰ পৰাই তেওঁলৈ উদ্দেশ্যি ফ্লায়িং কিছ দিয়া ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে।  দাবী কৰা হৈছে যে কৰ্ণাটক কংগ্ৰেছৰ এখন ৰাজনৈতিক সভাত কংগ্ৰেছ নেতা এজনে মহিলাগৰাকীক দুৰ্বযৱহাৰ কৰিছিল।

পোষ্টটোত আছিল: কৰ্ণাটক কংগ্ৰেছ দলৰ সদস্যভৰ্তি হোৱা এগৰাকী মহিলা মন্ত্ৰীক আদৰণি জনোৱাৰ অদ্ভুত দৃশ্য।   

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়ৈত আমি ২০২৩ৰ ৯ জানুৱাৰীত ইণ্ডিয়া পোষ্টছেন ডট কম  নামৰ ৱেব ছাইটোত একেটা ভিডিও দেখা পালো। তাত প্ৰকাশ কৰা বাতৰি অনুসৰি ভিডিওটো ওড়িষাৰ বিধায়ক জেয়োৰ বিধান সভা সমষ্টিৰ বিধায়ক  তাৰাপ্ৰসাদ বাহিনীপতিৰ আৰু মহিলাগৰাকী তেওঁৰেই পত্নী মিনাক্ষী বাহিনীপতিৰ।  মিনাক্ষী বাহিনীপতি ওড়িষা কংগ্ৰেছৰ কোৰাপুট জিলা সমিতিৰ অধ্যক্ষা।   

লেটেষ্ট এলৱাই এম, শীৰ্ষক ডিজিটেল পেজটোতো ২০২৩ৰ ৯ জামুৱাৰীত একেটা বাতৰি প্ৰচাৰ কৰা হৈছেল। বাতৰিটোত স্পষ্ট হয় যে পুৰুষজন ওড়িষা কংগ্ৰেছৰ বিধায়ক  তাৰাপ্ৰসাদ বাহিনীপতিৰ আৰু তেওঁৰ কাষত থিয় হৈ থকা মহিলাগৰাকী তেওঁৰ পত্নী মিনাক্ষী বাহিনীপতি।

নিউজ১৮ ওড়িয়া (News 18 Odia)ৰ ইউটিউব চেনেলতো একেটা অনুষ্ঠানৰ বাতৰিটো ২০২২ৰ ২৯ ডিচেম্বৰত প্ৰচাৰ কৰা হৈছিল।

এনেদৰেই এয়া স্পষ্ট হৈ পৰে যে, ভিডিওটো ওড়িষাৰহে, কৰ্ণাটকৰ নহয়। সেয়ে ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণ হল।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছেতেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক