কেট্ৰিনা কাইফ আৰু ভিকি কৌশলে নিজৰ পুত্র সন্তানৰ আগমনৰ কথা ঘোষণা কৰাৰে পৰা তেওঁলোকৰ অনুৰাগীসকলে নৱজাতক শিশুটোক এবাৰ চাবলৈ অধীৰে অপেক্ষা কৰি আছে। এনে নবজাতক শিশুৰ সৈতে তেওঁলোকক দেখুওৱা কেইখনমান ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তেনে এখন ফটোত কেট্ৰিনা কাইফ আৰু ভিকি কৌশলক এটা শিশুৰ সৈতে পোজ দি থকাৰ দৰে দেখুওৱা হৈছে।
ভিকি কৌশলৰ vickykaushalfansclub09 শীৰ্ষক একাউন্টৰ ইনষ্টাগ্ৰাম পোষ্চ ত এই ফটোখন “Jaadui” শীৰ্ষকৰে শ্বেয়াৰ কৰিছে।

এই পোষ্টটো ইয়ত, ইয়াত আৰু ইয়াত. পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু ভাইৰেল ফটোখন মৰ্ফ বুলি প্ৰতিপন্ন হয়।
সম্পৰ্কীয়ৱৰ্ডেৰে অনুসন্ধান কৰোঁতে, নিউজ মোবাইলে এনে ফটো প্ৰচাৰ কৰা কোনো বিশ্বাসযোগ্য সংবাদ লাভ নকৰিলে। বিশেষকৈ, ভিকি কৌশল বা কেট্ৰীনা কাইফ — কোনেও এতিয়ালৈকে তেওঁলোকৰ নবজাতক শিশুৰ কোনো ফট প্ৰকাশ কৰা নাই।
অবশ্যে ভাইৰেল ছবিখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত ২০২৩ চনত প্ৰকাশিত বহু বাতৰিত মূল ছবিখন দেখা পোৱা গৈছে। সেই ছবিখনত দুয়োকো দীপাৱলী উপলক্ষে ফটোৰ বাবে পোজ দি থকা দেখা গৈছে, কিন্তু তেওঁলোকৰ সৈতে কোনো শিশু দেখা পোৱা নাই।
এই ছবিখন ভিকি কৌশলে প্ৰথমে নিজা ইন্ষ্টাগ্ৰাম একাউণ্টত ১২ নৱেম্বৰ, ২০২৩-ত দীপাৱলী উপলক্ষে শ্বেয়াৰ কৰিছিল।

দুয়োখন ছবিৰ তুলনা কৰিলে স্পষ্ট দেখা যায় যে মূল ছবিখনত এটা শিশুৰ কাটআউট ডিজিটেলভাৱে সংযুক্ত কৰা হৈছে।

এনেদৰেই স্পষ্ট হয় যে কেট্ৰিনা কাইফ আৰু ভিকি কৌশলৰ নবজাতক শিশুৰ সৈতে ভাইৰেল ছবিখন সম্পূৰ্ণ ম’ৰ্ফ কৰা।,

