সন্ত্ৰাসবাদীৰ পেহেলগাম আৰ্ৰমণৰ পাছত সামাজিক মাধ্যমত বহু ধৰণৰ ভিডিও, ফটো প্ৰচাৰ হৈছে। ভাইৰেল হোৱা এনে এটা ভিডিওত সেনাই পাকিস্তানী লোকক আশ্ৰয় দিয়াৰ অপৰাধত স্থানীয় লোকক গ্ৰেপ্তাৰ কৰা দেখা গৈছে। ভিডিওটোত আৰক্ষ তথা নিৰাপত্তা ৱাহিনীৰ লোকে সৰু সৰু ঘৰ ভাঙি থকাও দেখা গৈছে।
ফএচবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে:
#কাশ্মীৰ উপত্যকাত পাকিস্তানী
সমপৰ্যায়ৰ লোক, যিসকলে তেওঁলোকক সহায় কৰিলে.. 😡
#ব্যৱস্থা গ্ৰহণ কৰিলে 🔥🔥
পোষ্টটো ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
এই দাবীৰ সত্যা-সত্য জানিৱলৈ নিউজ মোবাইলৰ দলে ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমজ চাৰ্ছত দিয়াত কাশ্মীৰৰ স্থানীয় সংবাদ মাধ্যমে সামাজিক মাধ্যমত প্ৰচাৰ কৰা বহুকেইটা পোষ্ট দেখা পালো। ৰজৌৰী নিউজ চেনেলৰ ইনষ্টাগ্ৰাম পে’জত ২০ মাৰ্চ ২০২৫ত তেনে এটা ভিডিও প্ৰচাৰ কৰা দৈখা পালো। তাত কোৱ হৈছে যে পুঞ্চ জিলাৰ ছাজলা গাঁৱৰ মেন্দাৰ অৰণ্যত বেদখল কৰা লোকসকলক উচ্ছেদ কৰাৰ বাবে বন বিভাগে চলোৱা উচ্ছেদ অভিযানৰ দৃশ্য এযা।
অধিক অনুসন্ধান কৰাত বেদখল মু্কত অভিযানৰ অধিক তথ্য লাভ কৰলো। Excelsior reportত প্ৰকাশিত বাতৰি অনুসৰি এই ঘটনা ১৬ মাৰ্চ ২০২৫ৰ। মেন্দেৰ ৰেঞ্জৰ এৰণ্যত অবৈধ ঘৰ নিৰ্মাণ সন্দৰ্ভত দাখিল কৰা 157/M অভিযোগৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল। এই অভিযান আৰক্ষী আৰু বন বিভাগৰ লোকৰ দ্বাৰা সম্পন্ন কৰা হৈছিল। পুঞ্চৰ ডিএফও মোহন চৌধুৰী আৰু কাৰ্যবাহী দণ্ডাধীশ এনটি হাৰ্নিৰ নেতৃত্বত সম্পন্ন কৰা হৈছিল এই অভিযান। এই অভিযান শান্তিপূৰ্ণ আছিল আৰু ইয়াৰ সৈতে কোনো উগ্ৰপন্থী জৰিত হোৱা নাছিল, উগ্ৰপন্থী গ্ৰেপ্তাৰো হোৱা নাছিল। এই ভিডিওটো Waqt Ki Awaaz JKত প্ৰচাৰ কৰা হৈছিল, ইয়াত বেদখল সন্দৰ্ভত সকলো তথ্য প্ৰকাশ কৰা হৈছিল।
ইয়াৰ দ্বাৰাই স্পষট হয় যে কাশ্মীৰত উগ্ৰপন্থী বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা বুলি দাবী কৰা তথ্য ভুৱা।