পাকিস্তানক ভাৰতৰ গুৰুত্বপূৰ্ণ, গোপনীয় তথ্য যোগান ধৰাৰ অপৰাধত ২৬ মে’ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এজন জোৱানক গ্ৰেপ্তাৰ কৰাৰ পাছত সামাজিক মাধ্যমত এটা ভিডিও ভাইৰেল হৈছে। এই ভিডিওৰ দ্বাৰা “পাকিস্তানী গুপ্তচৰ সম্পৰ্ক.” সন্দৰ্ভত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভিডিওটোত আৰক্ষীয়ে ঘেৰি থকা দুজন লোকক দেখা গৈছে। কেমেৰাৰ পাছফালৰ পৰা এজনে দুয়োকো জব্দ কৰা ৯৬কোটি টকা সম্পৰ্কে প্ৰশ্ন কৰি থকা শুনা গৈছে। কেইবাজনেও সীমান্ত সুৰক্ষা বলৰ দুজন জোবানক চোৰৰাংচোৱাগিৰি কৰাৰ অপৰাধত আটক কৰিছে, যাৰ বাবে তেওঁলোকে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব।
ভাইৰেল পোষ্টটোৰ লিংক (আৰ্কাইভ) ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা আৰু বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০১৮ৰ ২৭ জানুলাৰীৰ এটা ইউ টিউব ভিডিওত ইয়াৰ মূল ফুটেজ দেখা পাও। ভিডিওটোৰ বিৱৰণিত স্পষ্টকৈ উল্লেখ আছে যে এয়া কাণপুৰৰ গৃহ নিৰ্মাতা আমম্দ ক্ষত্ৰিৰ কবলৰ পৰা বৃহত্ পৰিমাণৰ নগদ ধন জব্দ কৰাৰ সময়ৰ ভিডিও।
আৰু অধিক অনুসন্ধানত লাভ কৰা বাতৰি ত স্পষ্ট হয় যে কাণপুৰৰ স্বৰূপ নগৰৰ পৰা ২০১৮ৰ ১৬ জানুৱাৰীত ৯৬ কোটি টকা জব্দ কৰা হৈছে। এই অভিযান আৰক্ষীৰ জ্যেষ্ঠ অধীক্ষক অখিলেশ কুমাৰ মীনাৰ নেতৃত্বত চলিছিল। উল্লেখ কৰা অনুসৰি এয়া অবৈধ টকা জব্দৰ ২০১৬ বৰ্ষৰ সৰ্ব বৃহত্ ঘটনা।
বাতৰি সমূহত উল্লেখ কৰা অনুসৰি এই বৃহত্ পৰিমানৰ ধনখিনি প্ৰকৃততে অচল টকা, এইবোৰ বেংকত দি নতুন মুদ্ৰা সলাই লোৱাৰ বাবে কেইজনমান লোকৰ দল এটাই জমা কৰিছিল। এই সন্দৰ্ভত উত্তৰ প্ৰদেশ, পশ্চিমবংগ, তেলেংগানা াৰু অন্ধ্ৰ প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা ১৬জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। গুৰুত্বপূৰ্ণ কথাটো হল, এইসকলৰ ভিডিৰত এজনো বিএছএফৰ জোৱান নাছিল, অথবা দেশৰ বিৰুদ্ধে চোৰাংচোৱা গিৰি কৰাৰো কোনো ইংগিত নাছিল।
Kanpur: All accused arrested in connection with recovery of Rs 96 crores in demonetised currency, sent to jail, booked under several sections. pic.twitter.com/6JWg52FuE2
— ANI UP/Uttarakhand (@ANINewsUP) January 17, 2018
এনেদৰেই স্পষ্ট হয়, এই ভিডিওটো ভাৰত বিৰোধী কাৰ্য কালাপ কৰা, চোৰাচোৱাগিৰি কৰা বিএছ এফ জোৱান গ্ৰেপ্তাৰৰ সৈতে জৰিত নহয়, এয়া ২০১৮ চনৰ অবৈধ টকা জব্দৰ এটা ঘটনাৰহে ভিডিও।