সত্যতা নিৰূপণ: কলকাটাত বিজেপি সমৰ্থকে এজন আৰক্ষীৰ লোকক কোবোৱা ভিডিও এটা শেহতীয়া ঘটনাৰ বুলি ভাইৰেল হৈছে

0 380

এদল উগ্ৰ মানুহে এজন আৰক্ষী বিষয়াক পথৰ ওপৰতে কোবোৱা ভিডিও এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে।  উগ্ৰ দলটোত থকা বহুতে বিজেপিৰ পতাকা লৈ থকা দেখা গৈছে।  একাংশই এয়া বিজেপি সমৰ্থকে আৰক্ষীক বৰ্বৰ ভাবে আক্ৰমণ কৰা বুলি দাবী কৰিছে। আন এচামে আকৌ এই ঘটনাক হিটলাৰৰ অত্যাচাৰৰ সৈতেও তুলনা কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন পোষ্ট কৰি কেপচনত লিখিছে: *আৰক্ষীক আক্ৰমণ কৰা এয়া কোনো কাশ্মীৰী উগ্ৰপন্থী নহয়, এওঁলোক বিজেপিৰ হিন্দুত্ববাদী লোক।  **হিন্দুত্ব কেৱল বিজেপিৰহে নেকি *..* এয়া হিটলাৰী শ্সনৰ আৰম্ভনি..

এই পোষ্টটো  ইয়াাত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দি অনুসন্ধান কৰাত আমি ২০২২ৰ ১৩ এনডি টিভিৰ এটা বাতৰি লাভ কৰিলো, তাৰ শিৰোনাম আছিল ভিডিও: কলকাটাৰ আৰক্ষী বিষয়াক বিজেপিৰ পতাকা উৰুৱাই থকা একাংশ লোকে পথৰ কাষলৈ নি লাঠিৰে কোবাইছে।  এই বাতৰিটোৰ সৈতে থকা ভিডিওৰ ভাইৰেল হোৱা ভিডিওটোৰ সৈতে মিল আছে। বাতৰিটোত উল্লেখ কৰা মতে এয়া কলকাটাত বিজেপিৰ প্ৰতিবাদৰ সময়ত সৃষ্টি হোৱা সংঘৰ্ষৰ সময়ৰ। এয়াই স্প,্ট কৰে যে আৰক্ষীজনক কোৱাই থকা মানুহবোৰ বিজেপিৰ সমৰ্থক।

আমি একেটা ভিডিও  আনন্দ বাজাৰ পত্ৰিকাত একে দিনাই প্ৰচাৰিত এটা বাতৰিতো দেখা পাও।

আৰু অধিক অনুসন্ধানত আমি ২০২২ৰ ১৩ ছেপ্তেম্বৰত নিউজ ১৮ বাংলাৰ  ইউটিউব ভিডিওত প্ৰচাৰিত বাতৰিতো দেখা পালো। বুলেটিনত প্ৰচাৰিত ভিডিও ক্লিপটো ভাইৰেল ভিডিওটোৰ ক্লিপৰ সৈতে মিল দেখা গৈছে। অৰ্থাত্ ভাইৰেল হোৱা ভিডিওটো ৯ মাহ পুৰণি বুলি নিশ্চিত হল।

সেয়ে আমি কব পাৰো যে অলপতে বিজেপি সমৰ্থকে কলকাটাৰ ৰাজপথত আৰক্ষীক কোবোৱা বুলি দাবী কৰা পোষ্টটো ভুৱা, বিভ্ৰান্তিকৰ।

আপোনাৰো যদি কোনো তথ্য বা বাতৰি সম্পৰ্কে জানিবলগীয়া আছে, তেন্তে  +91 11 7127 9799 এই নম্বৰত হোৱাটচএপ কৰক