জুনৰ ১ তাৰিখে নিৰ্ধাৰিতভাবেই লোকসভাৰ নিৰ্বাচন সম্পন্ন হৈ যায় আৰু ইয়াৰ ফলাফল ঘোষণাৰ দিন ৪ এনে সময়তে, ফলাফল ঘোষণাৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈছিল AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেছীৰ এটা সংক্ষিপ্ত ক্লিপ । এই ভিডিওটোত তেওঁ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এইবাৰ নিৰ্বাচনত ত-তীয়বাৰলৈ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আশা প্ৰকাশ কৰিছে।
একে ধৰণৰ ভিডিও ইয়াত আৰু ইয়াত (আৰ্কাইভ লিংক) পাব।
সত্যতা নিৰূপণ
নিউজমোবাইলে সত্যতা নিৰূপণ কৰি এয়া ভুৱা বুলি প্ৰতিপন্ন কৰে। মূল ভিডিওটোত ওবেছীয়ে কৈছিল “তৃতীয়বাৰলৈ মোদী শাসন লাভ লকৰে।”
ভাইৰেল ভিডিওৰ কীফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে মূল ভিডিওটো লাভ কৰিলে। ANIৰ হিন্দী নিউজৰ X ত ২৫ মে’ত প্ৰচাৰিত ভিডিওটোৰ সৈতে কেপচনত লিখা আছে: “পাটনা, বিহাৰ: AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেছীয়ে কৈছিল: … আমি আশা কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে।’
#WATCH पटना, बिहार: AIMIM प्रमुख असदुद्दीन ओवैसी ने कहा, “…हमें उम्मीद है कि प्रधानमंत्री नरेंद्र मोदी तीसरी बार प्रधानमंत्री नहीं बनेंगे…”
मुस्लिम आरक्षण पर केंद्रीय गृह मंत्री अमित शाह के बयान पर उन्होंने कहा, “वे(अमित शाह) सभी का आरक्षण खत्म कर देंगे, वे संविधान भी खत्म… pic.twitter.com/DgtqsHsGfZ
— ANI_HindiNews (@AHindinews) May 25, 2024
মূল ভিডিওটোত ওৱেছীয়ে কয় “আমি আশা কৰো, যিমান পাৰি চেষ্টাও কৰিছো যাতে নৰেন্দ্ৰ মোদী তৃতীয় বাৰলৈ প্ৰধানমন্ত্ৰীৰ পদ লাভ নকৰে। এতিয়া ৰাষ্ট্ৰই কি বিচাৰে তালৈ অপেক্ষা কৰিব লাগিব।”
ইয়াৰোপৰি ২০২৪ৰ ২৫ মে’ত একেধৰণৰ ভিডিও ৰিপোৰ্ট অমৰ উজালা, জী বিজনেছ, আৰু মীৰৰ নাও তো ওৱেছীৰ মূল বক্তব্য প্ৰচাৰ কৰা হৈছে।
তলত ভাইৰেল হোৱা অ’ডিও ক্লিপ আৰু টিভি টুজে’ নিউজ ৰ ইউটিউব চেনেলত প্ৰচাৰিত মূল অ়’ডিও ক্লিপটোৰ ৰিজনি দিয়া হ’ল।
এই প্ৰমাণেই স্পষ্ট কৰে AIMIMৰ মুৰব্বী ওৱেছীৰ ভাষ্য ডিজিটেল প্ৰক্ৰিয়াৰে সম্পাদিত।