২০ গৰাকী লোক নিহত হোৱা জয়পুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাৰ পাছত সামাজিক মাধ্যমত এটা পোষ্ট ভাইৰেল হৈছে। পোষ্টটোত দাবী কৰা হৈছে যে দুৰ্ঘটনাত নিহত সকলৰ পৰিয়াললৈ মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীয়ে ক্ৰমে ৫০ আৰু ১০ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছে।
তেনে এটা পোষ্টত হিন্দীতে লিখিছে: জয়পুৰত সংঘটিত অগ্নিকাণ্ডত নিহতসকলৰ পৰিয়াললৈ বিৰাট কোহলীয়ে ১০ কোটি টকাৰ সাহায্য আগবঢ়াইছে। আপোনালোকে তেওঁক যিমানেই ট্ৰ’ল নকৰক কিয়, হাজাৰ হ’লেও তেওঁৰো মানবীয় গুণ আছে।
ওপৰৰ পোষ্টকেইটা ইয়াত (আৰ্কাইভ) আৰু ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
কী ৱৰ্ড ব্যৱহাৰ কৰি গুগলত অনুসন্ধান কৰাত আমি এম এছ ধোনী আৰু বিৰাট কোহলীয়ে জয়পুৰ দুৰ্ঘটনাত মৃত্যুবৰণ কৰাসকলৰ পৰিয়াললৈ বিত্তীয় সাহায্য আগবঢ়োৱা সম্পৰ্কীয় কোনো ধৰণৰ বাতৰি অথবা বিবৃতি নাপালো। এনে ধৰণৰ বিশেষ ঘটনা মূল সূতিৰ সংবাদ মাধ্যমে প্ৰকাশ কৰেই।
MS ধোনী আৰু বিৰাট কোহলীৰ সামাজিক মাধ্যম একাউণ্ট (X আৰু ইনষ্টাগ্ৰাম) ত পুংখানুপুংখ ভাবে চোৱাৰ পাছতো তেনে কোনো পোষ্ট বা ঘোষণা দেখা নাপালো। ইতিমধ্যে ৰাজস্থান চৰকাৰে মৃতকৰ পৰিয়াললৈ ৫লাখকৈ টকা আৰু আহতসকলৰ পৰিয়াললৈ ১লাখকৈ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। revealed no posts or
শেষত ক’ব পাৰি এম এছ ধোনী আৰু বিৰাট কোহলীয়ে ৰাজস্থানৰ টেংকাৰ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ অৰ্থ সাহায্য আগবঢ়োৱা বুলি দাবী কৰা পোষ্টটো ভিত্তিহীন।