সত্যতা নিৰূপণ: এন এছ এ (NSA) ৰ ভুৱা টুইটাৰ হেণ্ডেলৰ এটা পোষ্টৰ স্ক্ৰীণশ্বট সামাজিক মাধ্যমত ভাইৰেল হৈছে

0 77

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টা (NSA) অজিত ডোভেলৰ বুলি দাবী কৰা এটা টুইটৰ স্ক্ৰীণশ্বট সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভাইৰেল টুইটটোত পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক বিচাৰি ৰাইজে মত প্ৰকাশ কৰা বুলি প্ৰচাৰ কৰা হৈছে।

টুইটটোত লিখা আছে- যদি ভবিষ্যতে আদিত্যজী ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, তেন্তে ইয়াৰ বাবে আন্দিত হোৱা লোক কিমানজন আছে, জয় শ্ৰী ৰাম ” 

ওপৰৰ  পোষ্টটোৰ লিংক ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা  এই পোষ্টটোৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।

আমি  টুইটাৰ একাউণ্ট হেণ্ডেলটো সম্পৰ্কে অনুসন্ধান কৰাত এইটো ডোভেলৰ অনুৰাগীৰ একাউণ্ট বুলি জানিব পাৰিলো।

ভাইৰেল টুইটটোত উল্লেখ থকা কথাৰ অনুসন্ধানত আমি পুনৰ টুইটাৰfত অনুসন্ধান কৰাত আম বহুকেইটা টুইটাৰ একাউণ্টত একেটা টুইট দেখা পালো।

এন এছ এ (NSA ) অজিত ডোভাল নামৰ কোনো টুইটাৰ একাউণ্ট আমি নেদেখিলো।

কেন্দ্ৰীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়  ৰ ২০২১ৰ ৮ নৱেম্বৰত প্ৰচাৰিত এটা টুইটত কোৱা হৈছে-  “গুৰুত্বপূৰ্ণ জাননীঃ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টা শ্ৰী অজিত কুমাৰ ডোভেল কেচিৰ কোনো নিজস্ব টুইটাৰ হেণ্ডেল নাই। তেওঁৰ নামৰ ভুৱা একাউণ্ট প্ৰচাৰৰ বিৰুদ্ধে এয়া সকলোকে সাৱধান কৰি দিয়া হল।” 

সেয়ে, এতিয়া স্পষ্ট হৈ পৰিল যে ভাইৰেল টুইটটো ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টা (NSA) অজিত ডোভেলৰ টুইটাৰ একাউণ্টৰ পৰা দিয়া নাছিল, সেই একাউণ্ট ভুৱা।

আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে  +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।