আৰক্ষীৰ সন্মুখত গণ্ডগোল কৰি থকা আৰক্ষীয়ে খেদি পঠিওৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই মানুহজন উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক বাঘেশ্বৰ ধামৰ পৰা আৰক্ষীৰ দ্বাৰা বাহিৰ কৰি দিয়া হৈছে।
ফেচবুকত ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখিছে:: “যোগী আদিত্য নাথে বাঘেস্বৰ ধাম মহাপ্ৰভু ( ঢোংগী বাবা)ত অভিযান চলোৱাৰ নিৰ্দেশ দিছিল। ইয়াৰ কি ফল ভোগ কৰিলে আদিত্যনাথে!”
ওপৰৰ পোষ্টটো ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী অমূলক বুলি নিশ্চিত কৰে।
ভিডিওটোৰ ফটো উলিয়া ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০২৩ৰ ২৪ জানুৱাৰীৰ এটা বাতৰিত ভাইৰেল ভিডিওটোৰ কিয়দাংশ দেখা পালো। বাতৰিটোত উল্লেখ কৰা মতে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এটা ্নুষ্ঠানত অংশ গ্ৰহণ কৰাৰ বাবে নিৱাৰীলৈ গৈছিল। সেই সময়তে অনউষ্ঠানটোৰ সময়ত যোগী আদিত্য নাথৰ দৰে দেখা এজন মানুহক প্ৰথম শাৰীত বহি থকা দেখা গৈছিল। আৰক্ষীয়ে তেওঁক প্ৰথম শাৰীৰ পৰা উঠি যাবলৈ কোৱাত আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি হয়।
হিন্দুস্তান লাইভত ত ২০২৩ৰ ২৩ জানুৱাৰীত প্ৰচাৰিত এটা বাতৰিটোত উল্লেখ কৰা মতে মানুহজন নিৱাৰী জিলাৰ পৃথ্ৱীপুৰৰ। যোগী আদিত্য নাথৰ দৰে দেখা মানুহজনৰ নাম দিলীপ কুমাৰ জৈন।
নৱভাৰত টাইমচৰ ইউটিউব চেনেলত ২০২৩ৰ ২৪ জানুৱাৰীত প্ৰচাৰিত বাতৰিত আমি ইয়াৰ সম্পূৰ্ণ ভিডিও লাভ কৰিলো। ভিডিওটোত মানুহজন মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অৱয়বৰ সৈতে হুবহু মিল আছে।
এনেদৰেই ওপৰৰ তথ্যৰ পৰা স্পষ্ট হয় যে কোনো সামঞ্জস্য নথকা ভিডিও এটাকেই বাঘেশ্বৰ ধামৰ পৰা যোগী আদিত্য নাথক উলিয়াই দিয়া ঘটনা বুলি ভুৱাকৈ প্ৰমাণ কৰে।
আপোনাৰো যদি কোনো ঘটনা বা বাতৰি সন্দৰ্ভত সত্যতা নিৰবপণ কৰিবলগীয়া আছে তেন্তে +91 11 7127 979l9 এই নম্বৰত হোৱাটচ আপ কৰক।