তেজেৰে লুতুৰিপুতুৰী মানুহ এজনক এখন জুবেলাৰীৰ দোকানৰ পৰা উলিয়াই অনা এটা ভয়ংকৰ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ভিডিওটো কৰ্ণাটকৰ কল্যাণ জুৱেলাৰ্ছৰ বোমা বিস্ফোৰণৰ বুলি প্ৰচাৰ কৰা হৈছে।
ফেচবুকত ভিডিওটো শ্বেয়াৰ কৰি কেপচনত লিখা আছে: “কল্যাণ জুৱেলাৰ্ছৰ শ্ব’ৰূমত বিস্ফোৰণ। কৰ্ণাটকৰ জুৱেলাৰীত বিস্ফোৰণ। বহুজন আহত, তদন্ত অব্যাহত। Kalyan jewellers blast কংগ্ৰেছ ক্ষমতালৈ অহাৰ পাছৰে পৰা বিস্ফোৰণ সংঘটিত হৱলৈ ধৰিছে। কংগ্ৰেছৰ মমতা বানু, অখলেশ খান চোৰ, এইটো ইছলামিক জেহাদীপ দল, ইহঁতক ভোট নিদিব।”
ওপৰৰ পোষ্ট. (আৰ্কাইভ)ৰ লিংক ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোৱাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাৱী ভুৱা বুলি প্ৰতিপন্ন কৰে।
মূল শব্ৱ ব্যৱহাৰ কৰি অনুসন্ধান কৰাত নিউজ মোবাইলৰ দলে এই ভাইৰেল ভিডিওটো হিন্দুস্তান টাইমছ কৰ্ণাটক ৰ ইউটিউব চেনেসত দেখা পালে। ভিডিওটোৰ শিৰোনামত আছিল- ‘বেলাৰীৰ কল্যাণ জুৱেলাৰ্ছত বিস্ফোৰণ’। বাতৰিটোৰ ভিডিওত কল্যাণ জুৱেলাৰ্ছৰ শ্ব’ৰূমত এয়াৰ কণ্ডিছনাৰৰ গেছ বিস্ফোৰণৰ পাছত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু বাহিৰত জমা হোৱা জনতাৰ ভিৰ দেখা গৈছে।
এছিয়ানেট নিউজেবল ত প্ৰকাশ পোৱা মতে কল্যাণ জুৱেলাৰ্ছৰ এয়াৰ কণ্ডিছনাৰত গেছ ভৰোৱাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হৈছিল। দুৰ্ঘটনাত আহতসকলক VIMS হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। এই তথ্যই প্ৰমাণ কৰে, কাৰো ষড়যন্ত্ৰৰ বাবে ঘটনাটো সংঘটিত হোৱা নাছিল।
ইয়াৰোপৰি কৰ্ণাটক আৰক্ষীয়ে এই ঘটনা এয়াৰ কণ্ডিচনাৰৰ গেছ বিস্ফোৰণৰ পৰাহে সংঘটিত হোৱা বুলি এটা স্পষ্টীকৰণত প্ৰকাশ কৰিছে। আৰক্ষীয়ে জনতাক উৰা বাতৰি আৰু ভুল তথ্য নিবিয়পাবলৈ আৰু এই ধৰণৰ কথা বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে।
The cause was an air conditioner gas explosion, and @BallariSp has already visited, and an investigation is continuing.
Don’t spread rumors and don’t listen to rumours,https://t.co/16ANMApSRU
— ಕರ್ನಾಟಕ ರಾಜ್ಯ ಪೊಲೀಸ್ Karnataka State Police (@KarnatakaCops) May 3, 2024
এইদৰেই এয়া স্পষ্ট হয় যে কল্যাণ জুৱেলাৰ্ছত সংঘটিত দুখজনক ঘটনাটো বিস্ফোৰণৰ বাবে নহয়, এচিৰ গেছ বিস্ফোৰণৰ বাবেহে ঘটিছিল।