ABP নিউজৰ বুলি দাবী কৰা ২০২৩ৰ কৰ্ণাটকৰ নিৰ্বাচনী সমীক্ষাৰ এটা স্ক্ৰীণশ্বট সামাজিক মাধ্যমত ভাইৰেল হৈছে। সমীক্ষাটোৰ মতে এইবাৰ কৰ্ণাটকৰ নিৰ্বাচনত বিজেপি জয়ী হব।
ফেচবুকত ফটোৰ সৈতে প্ৰচাৰিত পোষ্টটোৰ কেপচনত আছে : “ದಕ್ಷ ನಾಯಕತ್ವ, ಗಟ್ಟಿ ಆಡಳಿತ, ನಿಷ್ಠಾವಂತ ಕಾರ್ಯಕರ್ತರು, ಹಿಂದುತ್ವದ ಬೆಂಬಲದಲ್ಲಿ ಮತ್ತೊಮ್ಮೆ ರಾಜ್ಯದಲ್ಲಿ ಕಮಲ ಅರಳಲಿದೆ” (সুনেতৃত্ব, কঠোৰ প্ৰশাসনীয় ব্যৱস্থা, সুশৃংখল কৰ্মী আৰু হিন্দুত্বৰ সমৰ্থনত এইবাৰ ৰাজ্যত পদুম ফুলিব।)
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।
পোষ্টটোৰ স্ক্ৰীণশ্বট ভালদৰে লক্ষ্য কৰাত আমি ABP Newsৰ ল’গোটো ঊৰ্ধ ক’মাত দিয়া দেখিলো।
আমি আকৌ লক্ষ্য কৰিলো- ভাইৰেল স্ক্ৰীণশ্বটটোৰ বাঁওফালে উত্সঃ Cভোটাৰ বুলি লিখা আছে। এই উত্সৰ পৰাই আমি কৰ্ণাটক বিধান সভা নিৰ্বাচন সন্দৰ্ভৰ মূল শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰাত আমি ABP Newsৰ ইউটিউব চেনেলত এটা ভিডিও লাভ কৰিলো। তাত প্ৰকাশ পোৱা মতে কংগ্ৰেছে নিৰংকুশ গৰিষ্ঠতা লাভ কৰিব।
আমি লগতে ABP Newsৰ টুইটাৰ হেণ্ডেলত ২০২৩ চনৰ ২৯ মাৰ্চত প্ৰচাৰিত ভিডিও লাভ কৰিলো। তাতো উল্লেখ কৰা হৈছে যে এবিপি নিউজৰ সমীক্ষা মৰ্মে কৰ্ণাটকত কংগ্ৰেছেই সংখ্যাগৰিষ্ঠতা লাভ কৰিব।
#DeshKaMoodOnABP | abp न्यूज़ के सर्वे में कांग्रेस को मिला बहुमत, एक्सपर्ट की सुनिए राय……@RubikaLiyaquat | @romanaisarkhan | https://t.co/smwhXUROiK #Karnataka #KarnatakaElections2023 #BJP #Congress #ABPOpinionPoll pic.twitter.com/gSPoJwL9UU
— ABP News (@ABPNews) March 29, 2023
তলত এবিপি নিউজৰ ভিডিওৰ ফটো আৰু ভাইৰেল পোষ্টটোৰ স্ক্ৰীণশ্বটৰ ফটোৰ ৰিজনি দিয়া হ’ল।
এই তথ্যই প্ৰমাণ কৰে, আগন্তুক কৰ্ণাটক নিৰ্বাচনত বিজেপি জয়ী হোৱা বুলি দাবী কৰি প্ৰচাৰ কৰা স্ক্ৰীণশ্বটটো ভুৱা।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।