টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কৰ বুলি দাবী কৰা এটা টুইটৰ স্ক্ৰীণশ্বট শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে মাস্কে টুইটাৰত ইমৰাণ খানৰ অধিকাংশ অনুৰাগীয়েই ভুৱা। ভাইৰেল স্ক্ৰীণশ্বটটোত লিখা আছে- “মই স্পষ্ট কৰি দিও যে পাকিস্তানৰ বিখ্যাত ক্ৰিকেটাৰ ইমৰাণ খানৰ টুইটাৰত সৰ্বাধিক ভুৱা অনুৰাগী আছে।”
ফেচবুকত স্ক্ৰীণশ্বটৰ ফটোখন প্ৰচাৰ কৰি কেপচনত লিখিছে- “এয়া স্পষ্ট হৈছে যে ইউথিয়াছৰ আমিৰ উল মোমিনীনৰ টুইটাৰতো সৰ্বাধিক সংখ্যক অনুৰাগী আছে।”
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।
আমি ভাইৰেল পোষ্টটোত দাবী কৰাৰ দৰে কোনো বাতৰি দেখা নাপালো। এলন মাস্কে যদি তেনে কোনো কথা প্ৰকাশ কৰিলেহেঁতেন, তেন্তে সেয়া মূলসূতিৰ সংবাদ মাধ্যমে নিশ্চয় প্ৰচাৰ কৰিলে হয়।
এলন মাস্ক ৰ নিজা টুইটাৰ হেণ্ডেলতো তেনে ধৰণৰ কোনো টুইট বিচাৰি পোৱা নগ’ল। আমি পাকিস্তান বা ইমৰাণ খান আদি মূল শব্দ প্ৰয়োগেৰে টুইটাৰ এডভাঞ্চড চাৰ্ছ এই ভাইৰেল টুইটটোৰ সন্দৰ্ভত অনুসন্ধান কৰিলো।
আমি এলন মাস্কৰ পলিটি টুইট সন্দৰ্ভৰ ডিলিট কৰা এটা পোষ্ট লাভ কৰিলো, কিন্তু তাত ভাইৰেল পোষ্টটোত প্ৰকাশ কৰাৰ দৰে কোনো কথাই উল্লেখ নাই।
এনেদৰেই এয়া স্পষ্ট হয় যে ইমৰাণ খানৰ টুইটাৰৰ অধিকাংশ অনুগামীয়েই ভুৱা বুলি এলন মাস্কে প্ৰকাশ কৰা বুলি দাবী কৰা পোষ্টটো ভুৱা।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।