টেল আভিভৰ বুলি দাবী কৰা এখন ফটো সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। ৰাস্তাটো ফটোখনত ধোবাই আবৰি পেলোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এয়া টেল আভিভৰ ঘটনা আৰু এই ঘটনা ১৬ নৱেম্বৰত সংঘটিত হৈছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন পোষ্ট কৰি কেপচনত লিখিছে: এয়া ইজৰাইলৰ টেল আভিভৰ দৃশ্য। মনটো অভিভূত হৈ গল।
পোষ্টটো ইয়াত চাব পাৰিব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।
ৰিভাৰ্ছ ইমেজ চাৰ্ছ সহায়ত অনুসন্ধান কৰি আমি ভাইৰেল ফটোখন দ্য জেৰুজালেম পোষ্ট ত প্ৰচাৰিত এটা বাতৰিত দেখিলো। বাতৰিটোত কিৰিয়েট ছেমোনাত ২০২৩ৰ ২ নৱেম্বৰত সংঘটিত ৰকেট আক্ৰমণৰ পাছত লোৱা এখন ফটো সন্নিবিষ্ট কৰা হৈছে। এই ঘটনাটোত দুডন লোক আহত হোৱাৰ লগতে এটা অট্টালিকা আৰু বহুকেইখন গাড়ীত জুই লাগিছিল।
আক্ৰমণৰ পাছত এই আক্ৰমণৰ দায়িত্ব হামাছে লৈছিল। ৰকেটসমূহ লেবাননৰ পৰা নিক্ষেপ কৰা বুলিও কোৱা হৈছিল। কিৰিয়েট ছেমোনা ইজৰাইল আৰু লেবানন সীমান্তত অবস্থিত এখন নগৰ।
ফটোখন কেলকালিষ্টেক তো ২০২৩ৰ নৱেম্বৰৰ কিৰিয়েট ছেমোনাৰ আক্ৰমণৰ ঘটনাটোৰ বৰ্ণনাৰে সন্নিবিষ্ট কৰা হৈছে।
ইয়াৰোপৰি by অল জাজিৰা ৰ ফেচবুক পেজতো কিৰিয়েট ছেমোনাৰ আক্ৰমণৰ বৰ্ণনা দি প্ৰচাৰিত বাতৰিত ভাইৰেল ফটোসহ আন কেইখনমান ফটো প্ৰচাৰ কৰিছিল।
ইয়াৰ পৰাই স্পষ্ট হয় যে ভাইৰেল ফটোখন টেল আভিভৰ শেহতীয়া ঘটনাৰ ফটো নহয়, ভাইৰেল পোষ্টত দাবী কৰা কথা অসত্য।