২০২৩ৰ ৭ ফেব্ৰুৱাৰীত বলিউডৰ দুই তাৰকা কিয়াৰা আদবানী আৰু সিদ্ধাৰ্থ মেলহোত্ৰাই অতি নিকটসম্পৰ্কীয় আৰু বন্ধবৰ্গৰ উপস্থিতিত জয়সালমেৰৰ সূৰ্যগড়ত বিবাহপাশত আবদ্ধ হয়।এই বিবাহ কাৰ্যসূচী ৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিন ধৰি চলিছিল।
এনে সময়তে নৱবিবাহিত দম্পতীয়ে নাচি থকা এটা ভিডিও সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। দাবী কৰা হৈছে যে এই বিডিও তেওঁলোকৰ সংগীত সমাৰোহ অনুষ্ঠানৰ।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছে- কিয়াৰা আদবানী আৰু সিদ্ধাৰ্থৰ বিয়াৰ সংগীতৰ নিশাৰ ভিডিও.. #কয়াৰা আদবানী #সিদ্ৰ্থমেলহোত্ৰা #জয়সালমেৰ #ট্ৰেণ্ডিংভিডিওজ …
এই পোষ্টটো ইয়াত পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।
ভিডিওটোৰ কী প্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি এটা ইউটিউব শ্বৰ্ট ভিডিও পালো, তাৰ কেপচনত আছে-আৰমান জৈনৰ বিয়াত ছেৰশ্বাহ যুটী কিয়াৰা আদবানী আৰু সিদ্ধাৰ্থ মেলহোত্ৰাৰ নাচে ডান্সফ্ল’ৰত জুই লাগাইছে। এটা অনিৰ্দিষ্ট একাউণ্টৰ পৰা ২০২১ৰ ২৫ আগষ্টত এই ভিডিওটো আপলোড কৰা হৈছিল। ভিডিওটোৰ বিৱৰণিত আৰমান জৈনৰ বিয়াত দুয়ো এনেদৰে নাচিছিল বুলি লিখা আছিল।
যদিও কোনে আপলোড কৰিছিল সেয়া স্পষ্ট নহয়, কিন্তু এই ভিডিওটোৰ সৈতে ভাইৰেল ভিডিওটোৰ মিল আছে।ইয়েই প্ৰমাণ কৰে, যিহেতু ভিডিওটো ২০২১তেই আপলোড হৈছিল সেয়ে ই কমেও ২০২১ৰ বা তাৰ আগৰ ভিডিও। সেয়ে এই ভিডিওটো ২০২৩ৰ এখন বিয়াৰ সংগীতৰ ভিডিও হ’বই নোৱাৰে।
লগতে, আমি ২০২০ৰ ৯ ফেব্ৰুৱাৰীত এণ্টাৰটেইনমেণ্ট টাইমচত প্ৰচাৰিত আন এটা ইউটিউব ভিডিও পালো, যাৰ শিৰোনামত আছে: আৰমান জৈনৰ বিয়াত কিয়াৰা আদবানী আৰু সিদ্ধাৰ্থ মেলহোত্ৰাৰ নাচে ডান্সফ্ল’ৰত জুই লাগাইছে।
ইয়াতো ০০.০৮ৰ পৰা আৰম্ভ হোৱা ভিডিও ভাইৰেল ক্লিপটোৰ সৈতে মিল দেখা যায়। দুয়ো বলিউডৰ অভিনেতা আৰমান জৈনৰ বিয়াত নাচি থকা দেখা গৈছে। Armaan Jain got married বুলি গুগলত অনুসন্ধান কৰাত আমি তেওঁৰ বিয়া ২০২০ৰ ৩ ফেব্ৰুৱাৰীত এই বিয়া সম্পন্ন হোৱা বুলি জানিবলৈ পালো।
সেয়ে আমি স্পষ্টকৈ ক’ব পাৰো যে ভাইৰেল ভিডিওটো কিয়াৰা আদবানী আৰু সিদ্ধাৰ্থ মেলহোত্ৰাৰ বিয়াৰ সংগীত পৰ্বৰ অনুষ্ঠানৰ নহয়। পোষ্টটোত কৰা দাবী অমুলক।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।